অসম

assam

ETV Bharat / state

মৰাণত চক্ৰ বিষয়া লম্বিত হাজৰিকাক বিদায় সম্বৰ্ধনা - চক্ৰ বিষয়া

মৰাণত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকাৰ বিদায় সভা।

মৰাণত চক্ৰ বিষয়া লম্বিত হাজৰিকাক বিদায় সম্বৰ্ধনা
মৰাণত চক্ৰ বিষয়া লম্বিত হাজৰিকাক বিদায় সম্বৰ্ধনা

By

Published : Oct 6, 2020, 8:48 PM IST

মৰাণ, 6 অক্টোবৰ :ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা ধেমাজি জিলাৰ জোনাই চক্ৰ বিষয়া হিচাপে বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত আজি মৰাণত এখন বিদায় সভা অনুষ্ঠিত হয়।

স্থানীয় ৰাইজ, কাৰ্যালয়টোৰ কৰ্মচাৰী আৰু লাট মণ্ডলসকলৰ সমূহীয়া উদ্যোগত অনুষ্ঠিত সভাখনত লম্বিত হাজৰিকাক শৰাই, ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি চাকৰি জীৱনৰ মৰাণৰ আঠমহীয়া কাৰ্যকালৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি চক্ৰ বিষয়া হাজৰিকাই কয় যে, মৰাণবাসীয়ে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়ালে ।

মৰাণত চক্ৰ বিষয়া লম্বিত হাজৰিকাক বিদায় সম্বৰ্ধনা

উক্ত সভাত হাজৰিকাই কয় যে, মৰাণৰ উন্নয়নৰ বেলিকা ইয়াৰ ৰাইজ যথেষ্ট সংবেদনশীল। সেয়েহে চক্ৰ বিষ‌য়াসকলে কাম কৰিও ভালপায়।ক'ভিড আৰু বানপানীৰ সময়ত বৃহত্তৰ এলেকাটোৰ ৰাইজৰ সহযোগক হাজৰিকাই আজিৰ সভাৰ জৰিয়তে শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে এখন লিখিত কৃতজ্ঞতা পত্ৰ উপস্থিত ৰাইজৰ হাতত অৰ্পন কৰে ।

উল্লেখযোগ্য যে, মৰাণৰ কেইবাটাও সংগঠনে লম্বিত হাজৰিকাক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

...view details