অসম

assam

By

Published : Mar 14, 2021, 1:28 PM IST

ETV Bharat / state

বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰৱ ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল

ডিব্ৰুগড়ত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল সংবাদমেল ৷ উজনিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত আহি উপস্থিত হৈছে বাঘেল ৷ ডিব্ৰুগড়ৰ টিংখাং, চেপন, চাবুৱা, শদিয়া, নাজিৰা, ডিব্ৰুগড়, নাহৰকটীয়া আৰু ডুলিয়াজানত চলাব নিৰ্বাচনী প্ৰচাৰ ৷

chattishgarh cm bhupesh baghel arrives in assam
বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰৱ ভূপেশ বাঘেল

ডিব্ৰুগড়, 14 মাৰ্চ:সমৃদ্ধিশালী অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি অসমত চৰকাৰ গঠন কৰা বিজেপিয়ে 'কা' (নাগৰিকত্ব সংশোধনী আইন) জৰিয়তে অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ সামগ্ৰিক অস্তিত্বক তচনচ কৰিব বিচাৰিছে বুলি মন্তব্য কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৷ জাতি মাটি আৰু ভেটিৰ অস্তিত্ব ধ্বংস কৰা বুলিও অভিযোগ বাঘেলৰ ৷ ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰি বাঘেলে এনেদৰে মন্তব্য কৰে ৷

উজনিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে মুখ্যমন্ত্ৰী গৰাকী

অসম বিধানসভা নিৰ্বাচনৰ বাবে উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে অসমত আহি উপস্থিত হৈছে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে দেওবাৰে ডিব্ৰুগড়ৰ ট্ৰী-কান্ট্ৰি হোটেলত এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰতি চূড়ান্ত ভেঙুচালি কৰাৰ লগতে নিবনুৱা চাকৰি দিয়াৰ নামতো বিজেপিয়ে চূড়ান্ত আভুৱা ভাৰিছে বুলি বাঘেলে অভিযোগ কৰে ৷ অন্যান্য অভিযোগৰ লগতে বিজেপিয়ে নিযুক্তি প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী, চিকিৎসা সেৱা প্ৰদান আৰু সম্প্ৰসাৰণৰ নামত চূড়ান্ত মিথ্যাচাৰ, নতুন অনুষ্ঠান-প্ৰতিষ্ঠান নিৰ্মাণৰ মিথ্যাচাৰ, অসমৰ সম্পদ পানীৰ দৰত বিক্ৰী আদিকে ধৰি বিভিন্ন গুৰুতৰ অভিযোগ বাঘেলে উত্থাপিত কৰে ৷

নিৰ্বাচনৰ সময়ত ছট্টিশগড়তো বিজেপিৰ অমিত শ্বাহ প্ৰচাৰ চলাবলৈ গৈছিল বুলি মন্তব্য কৰি বাঘেলে কয় যে, অসমত আহি অমিত শ্বাহকে ধৰি বিজেপিৰ যিমান ষ্টাৰ কেম্পেনাৰ আহি প্ৰচাৰ চলালেও সকলো মিছা ৷ অসমত100 প্লাছৰ কথা যিমান কলেও বিজেপিৰ মিথ্যাচাৰ সকলোৱে বুজি পাইছে বুলি কৈ নিৰ্বাচনী ফলাফল ছট্টিশগড় দৰে হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

আনহাতে অসমৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি স্মৃতি ইৰানীয়ে নিৰ্বাচনী ভাষণ দিবলৈ গৈ কংগ্ৰেছে অসমত শিক্ষাৰ ক্ষেত্ৰত একো নকৰিলে বুলি কৰা অভিযোগৰ বিৰুদ্ধে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি
অসমৰ নব্বৈ শতাংশ স্কুল-কলেজ কংগ্ৰেছেই নিৰ্মাণ কৰিছে বুলি কয় । স্মৃতি ইৰানীয়ে চাহ শ্ৰমিকৰ মজুৰি 217 টকা কৰা বুলি অসমত অপপ্ৰচাৰ কৰা কাৰ্যকো ঘাটোৱাৰে তীব্ৰ গৰিহণা দিয়ে ৷

সংবাদ মেল খনত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, কংগ্ৰেছ নেতা প্ৰণৱ বৰুৱা, জাভেদ আখতাৰ খান, সমুদ্ৰ দত্ত আদি উপস্থিত থাকে ৷

লগতে পঢ়ক:নিযুক্তিত সংস্কাৰ নহ'ল সোণোৱালৰ দিনত: নিৰ্বাচনত কি সিদ্ধান্ত ল'ব নিবনুৱাই ?

ABOUT THE AUTHOR

...view details