অসম

assam

By

Published : Sep 16, 2020, 5:16 AM IST

ETV Bharat / state

মৰাণত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে সেৱা সপ্তাহ পালন

মৰাণতো প্ৰধানমন্ত্ৰী জন্মদিনৰ উপলক্ষে অনুষ্ঠিত হৈছে সেৱা সপ্তাহ ৷ স্বচ্ছতা অভিযান আৰু এবাৰ ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰী বৰ্জনৰ সংকল্প লৈ স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

PM Narendra Modi's birthday
PM Narendra Modi's birthday

মৰাণ, 15 ছেপ্টেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি পালন কৰিছে সেৱা সপ্তাহ ৷ বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইতো বিজেপি দলৰ কমকৰ্তা সকলে পালন কৰে এই কাৰ্যসূচী ।

সেৱা সপ্তাহ পালন

মংগলবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অন্তৰ্গত লেজাই গাঁও পঞ্চায়তৰ উদ্যোগত দেৱানবাৰীৰ সাপ্তাহিক বজাৰ অঞ্চলত দলৰ সমূহ কাৰ্যকৰ্তাৰ সহযোগত সেৱা সপ্তাহৰ শুভাৰম্ভ কৰা হয় ৷ স্বচ্ছতা অভিযান আৰু এবাৰ ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰী বৰ্জনৰ সংকল্প লৈ স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

সেৱা সপ্তাহ কাৰ্যসূচী

লেজাই গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীমা দাসৰ লগতে এই কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ মৰাণ সমষ্টিৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে পঞ্চায়তৰ ৱাৰ্ড সদস্য সকল আৰু দলৰ কাৰ্য কৰ্তা সকলে অংশ গ্ৰহণ কৰে । মুঠৰ ওপৰত মৰাণৰ বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে অনুষ্ঠিত হোৱা সেৱা সপ্তাহে স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজক কিছু সজাগ সচেতন কৰাৰ পৰিৱেশ সৃষ্টি কৰি তুলিছে ।

লগতে পঢ়ক :জলেশ্বৰত বিজেপিৰ "সেৱা সপ্তাহ" কাৰ্যসূচী

ABOUT THE AUTHOR

...view details