মৰাণ , ২৩ ডিচেম্বৰ : অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন আৰু ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মোহনে প্ৰতিনিধিত্ব কৰা মাহমৰা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে বিজেপিৰ দলীয় অন্তঃকণ্ডল । অভিযোগ অনুসৰি সমষ্টিটোত দীৰ্ঘদিনৰ পৰা একাংশ দলীয় কৰ্মীয়ে চৰকাৰী আঁচনি প্ৰণয়নত কৰি অহা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে দলটোৰ সৎ আৰু নিষ্ঠাৱান কৰ্মীসকলে প্ৰতিবাদ জনাই আহিছে যদিও মন্ত্ৰী যোগেন মোহনৰ আশীৰ্বাদত এইসকল দলীয় কৰ্মীয়ে বাধা অবিহনে চলাই গৈছে বিভিন্ন কেলেংকাৰী আৰু অনিয়ম।
দলীয় অন্তঃকণ্ডলঃ মাহমৰা বিজেপিত মোক্ষম আঘাত - অন্তঃকণ্ডলৰ
বিজেপি মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদক বিপুল ফুকনৰ বিজেপি ত্যাগ । দলীয় অন্তঃকণ্ডলৰ বাবেই বিপুল ফুকনৰ বিজেপি ত্যাগৰ আশংকা । অসম জাতীয় পৰিষদ দলত যোগদান কৰিব নেকি বিপুল ফুকনে ?
ফলত দলটোৰ ভিতৰচৰাত দুটা ফৈদৰ সৃষ্টি হৈছে ৷ দলটোৰ এনে ভিতৰুৱা কণ্ডলৰ পৰিণতিতে মংগলবাৰে দলটোৰ পৰা মন্ত্ৰী যোগেন মহনৰ অতি বিশ্বস্ত, সোঁহাত স্বৰূপ মাহমৰা গ্ৰাম্য মণ্ডলৰ সাধাৰণ সম্পাদক বিপুল ফুকনে দলৰ সাধাৰণ সম্পাদকৰ পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে ৷
ইতিমধ্যে সাধাৰণ সম্পাদক গৰাকীয়ে চৰাইদেউ জিলা বিজেপিৰ সভাপতিৰ লগতে মাহমৰা মণ্ডলৰ বিজেপিৰ সভাপতি গৰাকীলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে সমষ্টিটোত এক নিকা ভাৱমূৰ্ত্তি থকা যুৱনেতা গৰাকীৰ পদত্যাগে অনাগত দিনত মাহমৰা সমষ্টিত বিজেপি দলৰ যে ক্ষতি কৰিব সেয়া নিশ্চিত বুলি দাবী কৰিছে একাংশই ৷ আনহাতে, এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰাক্তন ছাত্ৰনেতা গৰাকীয়ে অচিৰেই অসম জাতীয় পৰিষদ দলত যোগদান কৰিব ৷
লগতে পঢ়ক :পাঠশালাত অগপ কৰ্মীৰ সংবাদমেল