তিনিচুকীয়া, 16 নৱেম্বৰ : বিশ্ব মোৱামৰীয়া গণবিল্পৱৰ প্ৰথম আৰু প্ৰধান নেতা বীৰ ৰাঘৱ মৰাণৰ জন্মজয়ন্তীৰ উপলক্ষে মৰাণত চলিছে ব্যাপক প্ৰস্তুতি । প্ৰতি বছৰৰ দৰে এইবছৰো "বীৰ ৰাঘৱ মৰাণ" দিৱস আৰু হাপজান মায়ামৰা বৰনাঘৰৰ ১২১ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব তিনিচুকীয়া বাৰেকুৰিত । অহা ১৮ আৰু ১৯ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বাৰেকুৰিৰ মায়ামৰা হাপজান বৰনামঘৰৰ প্ৰাংগণত এই বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে বাৰেকুৰিবাসীয়ে ।
বাৰেকুৰিত বীৰ ৰাঘব মৰাণ দিৱসৰ ব্যাপক প্ৰস্তুতি - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
বৰ্ষপূৰ্তি অনুষ্ঠানৰ দ্বিতীয় দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । তৎপৰ তিনিচুকীয়াৰ আৰক্ষী প্ৰশাসন ।
বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে অনুষ্ঠানৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । কাৰ্যসূচীৰ দ্বিতীয় দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । যাৰ বাবে তৎপৰ হৈ পৰিছে তিনিচুকীয়াৰ আৰক্ষী আৰু প্ৰশাসনিক বিষয়া । প্ৰশাসনৰ তৰফৰ পৰা উপআৰক্ষী অধীক্ষক বিতুল চেতিয়াই আহি ঠাইসমূহ পৰিদৰ্শন কৰি ৰাইজৰ প্ৰস্তুতিৰ বুজ লয় আৰু দিহা পৰামৰ্শ আগবঢ়ায় ।
লগতে পঢ়ক: সাংবাদিক আক্ৰমণক কেন্দ্ৰ কৰি আন্দোলনৰ হুংকাৰ