মৰাণ, 13 এপ্ৰিল: অসমীয়াৰ আবেগৰ ব'হাগ বিহুলৈ মাজত মাথো কেইটামান মুহুৰ্ত বাকী ৷ বিহু বুলি ক'লেই তৰনী নোহোৱা অসমীয়াই বিগত বছৰত উদযাপন কৰিব নোৱাৰিলে বিহু ৷ কিন্তু এই বেলি কেনেকৈ বিহু উদযাপন নকৰাকৈ থাকিব অসমীয়াই ? বিগত বৰ্ষত ক'ৰণাৰ বাবে বিহু পাতিব নোৱাৰাত বেৰৰ ঢোল বেৰতে ওলমি থাকিল, পেঁপা, বাঁহী, সুতুলিও থাকিলে সাঁচতিতে ৷ সেয়েহে দুগুন উৎসাহেৰে এইবেলি বিহু পতাৰ পণ লৈছে চহা অসমীয়াই ৷
কান্ধত ঢোল লৈ ঢোলত চাপৰ দিলে 80 বছৰীয়া ককাই - ব'হাগ বিহু
বিহু বুলি ক'লেই তৰনী নোহোৱা অসমীয়াই বিগত বছৰত উদযাপন কৰিব নোৱাৰিলে বিহু ৷ কিন্তু এই বেলি কেনেকৈ বিহু উদযাপন নকৰাকৈ থাকিব অসমীয়াই ? বিগত বৰ্ষত ক'ৰণাৰ বাবে বিহু পাতিব নোৱাৰাত বেৰৰ ঢোল বেৰতে ওলমি থাকিল, পেঁপা, বাঁহী, সুতুলিও থাকিলে সাঁচতিতে ৷ সেয়েহে দুগুন উৎসাহেৰে এইবেলি বিহু পতাৰ পণ লৈছে চহা অসমীয়াই ৷
কান্ধত ঢোল লৈ ঢোলত চাপৰ দিলে 80 বছৰীয়া ককাই
ডেকা-গাভৰুৰ লগতে ককা-আইতা সকলোৱে সাজু হৈছে বিহু মাৰিবলৈ ৷ মৰাণৰ সমীপৰ পালেঙীত কান্ধত ঢোল, পেঁপা লৈ ককাহঁতেও গছৰ তলত জুৰিলে বিহু নাম ৷ 80-90 বছৰীয়া ককাসকলে নাতিনীয়েকক লগত লৈ দুগুন উচাহেৰে নাকেৰে পেঁপা বজাই ডিমৌৰ পালেঙী ধোন্দৰমুখত জুৰিলে বিহু ৷
লগতে পঢ়ক: আজি উৰুকা