অসম

assam

ETV Bharat / state

চাবুৱাত অনুষ্ঠিত হ'ল বিহু নমোৱা পৰ্ব - মটক জনগোষ্ঠী

পূৰ্বৰ দৰে বিহু বুলিলেই গা সাতখন-আঠখন কৰা সেই সময় নাই যদিও ঠাই বিশেষে বৰ্তমানেও আছে ব’হাগ বিহু উদযাপনৰ নিৰ্ভেজাল ৰূপ। চাবুৱাৰ মটক জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল বৰুৱাহোলা, বালিজান,পকাবাম আদি গাঁৱত আজিও মাটি আৰু মানুহৰ উৎসৱ ব’হাগৰ অনন্য স্বকীয় সংস্কৃতি চ'ত মাহৰ বিহু নমোৱা পৰ্ব পালন কৰি অহা দেখা গৈছে ।

চাবুৱাত অনুষ্ঠিত হ'ল বিহু নমোৱা পৰ্ব
চাবুৱাত অনুষ্ঠিত হ'ল বিহু নমোৱা পৰ্ব

By

Published : Apr 13, 2021, 2:11 PM IST

মৰাণ,13 এপ্ৰিল: অসমীয়াৰ হৃদয়ত বৈ থকা জাতীয় জীৱনৰ ৰং,আৱেগ-অনুভূতিৰ উৎসৱ ব’হাগ বিহু। যদিও পূৰ্বৰ দৰে বিহু বুলিলেই গা সাতখন-আঠখন কৰা সেই সময় নাই যদিও ঠাই বিশেষে বৰ্তমানেও আছে ব’হাগ বিহু উদযাপনৰ নিৰ্ভেজাল ৰূপ । চাবুৱাৰ মটক জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল বৰুৱাহোলা, বালিজান,পকাবাম আদি গাঁৱত আজিও মাটি আৰু মানুহৰ উৎসৱ ব’হাগৰ অনন্য স্বকীয় সংস্কৃতি চ'ত মাহৰ বিহু নমোৱা পৰ্ব পালন কৰি অহা দেখা গৈছে ।

চাবুৱাত অনুষ্ঠিত হ'ল বিহু নমোৱা পৰ্ব

উল্লেখ্য যে, পূৰ্বৰ পৰা বিহু নমোৱা পৰ্ব কেৱল উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে দেখা যায়। মটক জনগোষ্ঠীৰ যুৱক সকলে নিশা নিৰ্দিষ্ট গছৰ তলত চেনেহৰ ব'হাগ বিহুক আদৰণি জনাই বিহু উদযাপন কৰে । চ'তৰ বিহু নমোৱাৰ পৰ্বটিৰ বিশেষত্ব হৈছে গাঁৱৰ যুৱক সকলে বিহুক আদৰণি নজনোৱাকৈ গাঁৱৰ মানুহৰ ঘৰত হুঁচৰি গাব নোৱাৰে। সেয়ে চাবুৱাত বৰুৱাহোলা গাঁৱৰ যুৱকসকল ব্যস্ত হৈছে বিহু নমোৱা পৰ্বত ।

লগতে পঢ়ক:মাজুলীৰ ক'ত অনুষ্ঠিত হ'ল বিহু আদৰণি অনুষ্ঠান ?

ABOUT THE AUTHOR

...view details