মৰাণ, 29 এপ্ৰিল : মৰাণত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ৰণা ৰোগীৰ সংখ্যা । স্বাস্থ্য বিভাগৰ আৰু প্ৰশাসনে ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন নীতি-নিয়ম নিৰ্ধাৰণ কৰিছে যদিও মৰাণত ক'ভিড ৰোগীৰ সংখ্যা নিয়ন্ত্ৰণ হোৱা নাই । বৃহস্পতিবাৰে মৰাণ নগৰ পালিকা আৰু মৰাণহাট আৰক্ষীয়ে যৌথভাৱে মৰাণ চহৰৰ লগতে মৰাণৰ শিঙিজান চাহ বাগিচাত মাস্ক বিতৰণ কৰে ৷ ইয়াৰ লগতে ৰাইজৰ মাজত ক'ভিড সজাগতাৰ বাবে প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰি ৰাইজক ক'ভিডৰ নীতি-নিয়ম সমূহ পালন কৰি সজাগ হ'বলৈ আহ্বান জনায় ।
মৰাণত আৰক্ষী প্ৰশাসনৰ উদ্যোগত মাস্ক বিতৰণ - ক'ভিড নীতি
বৃহস্পতিবাৰে মৰাণ নগৰ পালিকাৰ আৰু মৰাণহাট আৰক্ষীয়ে যৌথভাৱে মৰাণ চহৰৰ লগতে মৰাণৰ শিঙিজান চাহ বাগিচাত মাস্ক বিতৰণ কৰাৰ লগতে ৰাইজৰ মাজত ক'ভিড সজাগতাৰ বাবে প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰি ৰাইজক ক'ভিডৰ নীতি-নিয়ম সমূহ পালন কৰি সজাগ হ'বলৈ আহ্বান জনায় ।
মৰাণত আৰক্ষী প্ৰশাসনৰ উদ্যোগত মাস্ক বিতৰণ
উল্লেখযোগ্য যে, মৰাণত আৰক্ষী প্ৰশাসনে ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলাই আহিছে লগতে ৰাইজকো সচেতন হ'বলৈ আহ্বান জনাই আহিছে যদিও আজিও বহুলোক ক'ভিড ভয়াৱহতাৰ প্ৰতি সজাগ নোহোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়কঃ আৰক্ষীৰ বৃহৎ কনভয়েৰে লৈ অনা হ'ল জীৱন মৰাণক