অসম

assam

By

Published : May 30, 2021, 10:35 PM IST

ETV Bharat / state

বিধায়কৰ উপস্থিতিত খোৱাং পঞ্চায়তৰ এলেকাত ক'ভিড সজাগতা সভা

বিধায়কৰ উপস্থিতিত খোৱাং পঞ্চায়তৰ এলেকাত ক'ভিড সজাগতা সভা ৷ খোৱাং পঞ্চায়তৰ গেৰগেৰী, খলিহামাৰী গাওঁ এলেকাত সজাগতা সভাৰ লগতে মাস্ক বিতৰণ ৷

Awarenes program at Khowang Panchayat in presence of MLA Chakradhar Gogoi
বিধায়কৰ উপস্থিতিত খোৱাং পঞ্চায়তৰ এলেকাত ক'ভিড সজাগতা সভা

মৰাণ, 30 মে': ডিব্ৰুগড় জিলাৰ খোৱাঙত ক'ভিডে ভয়ানক ৰূপ লৈছে । ক'ভিড প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও খোৱাঙত নিয়ন্ত্ৰণ হোৱা নাই ক'ভিড । খোৱাঙৰ ভিতৰুৱা গ্ৰাম্যাঞ্চল সমূহতো ক'ভিড ভয়াৱহতা দেখিবলৈ পোৱা গৈছে । ক'ভিড অনিয়ন্ত্ৰিত পৰিস্থিতি হোৱাৰ পাছতে খোৱাং গাঁও পঞ্চায়তে পঞ্চায়তৰ অধীনৰ গ্ৰাম্য অঞ্চল সমূহত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

বিধায়কৰ উপস্থিতিত খোৱাং পঞ্চায়তৰ এলেকাত ক'ভিড সজাগতা সভা

দেওবাৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত খোৱাং পঞ্চায়তৰ গেৰগেৰী, খলিহামাৰী গাওঁ এলেকাত সজাগতা সভাৰ লগতে মাস্ক বিতৰণ কৰা হয় । অনুষ্ঠানত পঞ্চায়ত সভানেত্ৰী শিপ্ৰা ফুকন, জিলা পৰিষদৰ সদস্যা মামু হাজৰিকা, স্থানীয় ৱাৰ্ড সদস্য আৰু ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক :১৫ আগষ্টৰ ভিতৰত অসমত ৩০ শতাংশ লোকৰ টীকাকৰণ হ'ব: মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details