ডিব্ৰুগড়, 21 নৱেম্বৰঃনীপকোক এন টি পি চি সৈতে চামিলকৰণত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ নীপকোক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰা হ’ব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে প্ৰতিষ্ঠানটোক এন টি পি চি এলৰ সৈতে চামিলকৰণ কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । সংগঠনটোৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে কয়, "আছুৱে নীপকোক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰাৰহে বিৰোধী । অন্য এটা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ লগত নীপকোক চামিলকৰণত তেওঁলোকৰ কোনো আপত্তি নাই ।"
নীপকোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ - NTCP
আছুৱে নীপকোক ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰাৰহে বিৰোধী । অন্য এটা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ লগত নীপকোক চামিলকৰণত তেওঁলোকৰ কোনো আপত্তি নাই ৷
নীপকোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ
আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীপকো বকুলনী প্ৰকল্পৰ শ্ৰমিক সংগঠনে। শ্ৰমিক সকলেও নীপকোক নিৰ্বি-নিয়োজনৰ পৰিৱৰ্তে এন টি পি চিৰ লগত চামিলকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰি লৈছে ।
আৰু পঢ়কঃ- অসম পৰ্যটনৰ নামত কোটি টকা,কি অৱস্থাত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ !