নামৰূপ, 1 জুনঃ ভাৰত চৰকাৰে বিদ্যুৎ বিল 2003 সংশোধনীৰে বলৱৎ কৰিব বিচৰা বিদ্যুৎ বিল 2020 আৰু শক্তিখণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে সোমবাৰে, আসাম ষ্টেট পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ নামৰূপ শাখাৰ লগতে সমগ্ৰ অসমতে কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সামাজিক দুৰত্ব বৰ্তাই ৰাখি নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰস্থিত শ্ৰমিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ক'লা বেজ পৰিধান কৰি বিদ্যুৎ বিল ২০২০ বাতিলৰ উদ্দেশ্যে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ অভিযোগ অনুসৰি লক ডাউনৰ মাজতে কেন্দ্ৰ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে বিদ্যুৎ বিল ২০০৩ সংশোধনৰ জৰিয়তে, বিদ্যুৎ বিল ২০২০ বলৱৎ কৰি অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধীনত প্ৰতি ইউনিট বিদ্যুতৰ দৰ নিৰ্ধাৰণত ৰাজ্য সমূহৰ যি ক্ষমতা, সেই ক্ষমতাক নিশেষ কৰি নিজৰ আয়ত্তলৈ অনাৰ চেষ্টা কৰিছে ৷
বিদ্যুৎ বিল ২০২০ প্ৰত্যাহাৰৰ দাবীৰে নামৰূপত প্ৰতিবাদ - নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ
সোমবাৰে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰস্থিত শ্ৰমিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ক'লা বেজ পৰিধান কৰি বিদ্যুৎ বিল ২০২০ বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিলে আসাম ষ্টেট পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ কৰ্মচাৰীসকলে ৷

assam state power workers union protest in namrup
বিদ্যুৎ বিল ২০২০ প্ৰত্যাহাৰৰ দাবীৰে নামৰূপত প্ৰতিবাদ
ই অনাগত দিনত ৰাজ্যৰ শক্তি উৎপাদন ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গটাবলৈ কেন্দ্ৰৰ সহায়ক হোৱাৰ লগতে ৰাজ্য সমূহৰ শক্তি উৎপাদন ক্ষেত্ৰখনত কোনো ধৰণৰ হস্তক্ষেপ নাথাকিব ৷ যাৰ বাবে শ্ৰমিকসকলে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাট ৰিপলেচমেন্ট পাৱাৰ প্ৰজেক্টৰ উন্মোচনীৰ দিনটোতে সংঘটিত হোৱা দুৰ্ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে নামৰূপ পাৱাৰ ৱকাৰ্ছ ইউনিয়নে ৷
লগতে পঢ়কঃবিজেপিৰ দালালি কৰিলেহে পায় চৰকাৰী সুবিধাঃদুৰ্লভ চমুৱা