ডিব্ৰুগড়,6 অক্টোবৰ:কলংকিত অধ্যায়ে যেন পিছ এৰা নাই অসম আৰক্ষীৰ ৷ বহু বিতৰ্কিত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ পিছত এইবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে এক ঘটনা ৷ প্ৰায় এক লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি ৰঙাঘৰৰ আলহী হৈছে টেঙাখাত আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি দাস ৷ বানাবাজ হুজুৰ নামৰ এগৰাকী ব্যক্তিৰ পৰা ব্লেকমেইল কৰি গ্ৰহণ কৰিছিল উক্ত ধন ৷
উৎকোচ লৈ ৰঙাঘৰৰ আলহী আৰক্ষী উপ-পৰিদৰ্শক দ্বীপজ্যোতি দাস - আৰক্ষী অধীক্ষকৰ সংবাদমেল
অসম আৰক্ষীত পুনৰ বিতৰ্ক ৷ এক লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি কাৰাগাৰৰ আলহী হ’ল টেঙাখাত থানাৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি দাস ৷
এই ঘটনাৰ পিছতে বানাবাজ হুজুৰে দাখিল কৰা গোচৰৰ ভিত্তিত অনুসন্ধান কৰি আৰক্ষীয়ে আটক কৰে দ্বীপজ্যোতি দাসক ৷ আৰক্ষী বিষয়া দাসে উৎকোচ লোৱাই নহয়, নানা ভয়-ভাবুকি দেখুৱাই লোকজনৰ পৰা সংগ্ৰহ কৰিছিল এই ধনৰাশি । ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে দাসৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিছে টকা খিনি । মঙলবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত বিষয়াগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । দ্বীপজ্যোতি দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 387 ধাৰাত ৰুজু কৰা হৈছিল গোচৰ । টেঙাখাত থানাত ৰুজু হোৱা 118/2020 নং গোচৰৰ ভিত্তিত দাসক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।