অসম

assam

By

Published : Dec 1, 2020, 7:46 PM IST

ETV Bharat / state

কাইলৈ মৰাণত অনুষ্ঠিত হ'ব অসম দিৱস

ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত কাইলৈ মৰাণত অনুষ্ঠিত হ'ব অসম দিৱস ৷ অসম দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

ৰাজ্যৰ সাংস্কৃতিক বিভাগ
কাইলৈ মৰাণত অনুষ্ঠিত হ'ব অসম দিৱস

মৰাণ, 1 ডিচেম্বৰ :অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত 2 ডিচেম্বৰ অৰ্থাৎ কাইলৈ দিনৰ 12 বজাত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব অসম দিৱস ৷ অসম দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক 2020 বৰ্ষৰ চ্যুকাফা বঁটাৰে সন্মানিত কৰিব ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ উপৰিও ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাচা, তপন কুমাৰ গগৈ, মৰাণ সমষ্টিৰ বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ আৰু অন্যান্য কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে সততাৰে ওভতাই দিলে 40 হাজাৰ টকা

ABOUT THE AUTHOR

...view details