অসম

assam

ডিব্ৰুগড়ত বন্ধৰ প্ৰভাত সৰ্বাত্মক,ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

By

Published : Sep 6, 2019, 7:57 PM IST

শুকুৰবাৰৰ বন্ধত ব্যাহত হৈ পৰে ডিব্ৰুগড় চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা । ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হয় । ইপিনে বন্ধৰ সমৰ্থকে যাত্ৰীবাহী বাহন আবদ্ধ কৰাৰ ওপৰি আৰক্ষীৰ সন্মুখতে খুলি থোৱা দোকান পোহাৰৰ গৰাকীক ধমক দি বন্ধ কৰাৰ দাবী কৰে ।

ডিব্ৰুগড়ত বন্ধৰ প্ৰভাত সৰ্বাত্মক,ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

ডিব্ৰুগড়, 6ছেপ্টেম্বৰঃএন আৰ চিৰ 2019 বাতিল কৰি, 1951 ক ভিত্তিবৰ্ষ কৰি নতুন এন আৰ চি প্ৰস্তুত আৰু শৰণাৰ্থী হিন্দুসকলক নাগৰিকত্ব সু-নিশ্চিত কৰাৰ দাবীত শুকুৰবাৰে ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম প্ৰদেশে বন্ধ ঘোষণা কৰিছিল ৷ যাৰ ফলত শুকুৰবাৰে ডিব্ৰুগড়ত পুৱাৰে পৰা বন্ধৰ প্ৰভাৱ দেখা যায় । লগতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হয় । ইপিনে বন্ধৰ সমৰ্থকে যাত্ৰীবাহী বাহন আবদ্ধ কৰাৰ ওপৰিও আৰক্ষীৰ সন্মুখতে খুলি থোৱা দোকান পোহাৰৰ গৰাকীক ধমক দি বন্ধ কৰাৰ দাবী কৰে ।

ডিব্ৰুগড়ত বন্ধৰ প্ৰভাত সৰ্বাত্মক,ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

আনহাতে 6 ছেপ্টেম্বৰ শুকুৰবাৰে মুক্তি লাভ কৰা বহু প্ৰত্যাশিত জুবিনৰ কাঞ্চনজংঘাৰ দৰ্শনীও বন্ধ কৰাৰ চেষ্টা কৰে হিন্দু সংগঠনকেইটাৰ সমৰ্থকে । লগতে ডিব্ৰুগড় চৌহাম ছপিং মলৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বন্ধ সমৰ্থকে । অৱশ্যে পাছত আৰক্ষীয়ে আটক কৰে এই ঘটনাৰ জড়িত বন্ধ সমৰ্থকসকলক । মুঠৰ ওপৰত শুকুৰবাৰৰ বন্ধত ব্যাহত হৈ পৰে চহৰখনৰ স্বাভাৱিক জীৱন যাত্ৰা ।

ABOUT THE AUTHOR

...view details