মৰাণ, ১৬ ডিচেম্বৰ: বিগত বছৰ কেইটাত ৰাইজৰ অভিযোগৰ প্ৰতি পিঠি দি অহা ৰাজ্য চৰকাৰে নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়ণেৰে চমক সৃষ্টি কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে ।আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ইখনৰ পিছত সিখন অভিলাষী আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কৰাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে মন্ত্ৰী-বিধায়কে আধাৰশিলা স্থাপন কৰা, আঁচনি ৰূপায়ণ কৰাত ব্যস্ত হৈ পৰিছে ।
মৰাণত 'অসম দৰ্শন' আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে - মঙলবাৰে মৰাণত
মঙলবাৰে মৰাণত ৰাজ্য চৰকাৰৰ 'অসম দৰ্শন' আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে । মাহমৰা সমষ্টিৰ ৫৩টা নামঘৰৰ বাবে নামঘৰ কমিটীসমূহৰ মাজত এই অনুমোদন পত্ৰ বিতৰণ কৰে । এই আঁচনিৰ জৰিয়তে মাহমৰাৰ ৫৫টা নামঘৰলৈ আগবঢ়োৱা হৈছে ১,৩৭,৫০,০০০ টকাৰ অনুদান ।
মঙলবাৰে মৰাণত মৰাণ মিলিত শিল্পী সমাজ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ 'অসম দৰ্শন' আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় । অনুমোদন পত্ৰ বিতৰণ সভাত ৰাজহ আৰু ৰাজ্যিক গড়কাপ্তানি বিভাগৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি মাহমৰা সমষ্টিৰ ৫৩টা নামঘৰৰ বাবে সংশ্লিষ্ট কমিটীসমূহৰ মাজত এই অনুমোদন পত্ৰ বিতৰণ কৰে । অনুমোদন পত্ৰ বিতৰণ কৰি মন্ত্ৰী জনে কয় যে, অসম চৰকাৰে 'অসম দৰ্শন' আঁচনিৰ জড়িয়তে অসমৰ ঐতিহাসিক স্থান বিশেষকৈ নামঘৰ, মছজিদ, ৰ্গীজাসমূহৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে অনুদান আগবঢ়াৱ ।
মঙলবাৰে মাহমৰাৰ ৫৫টা নামঘৰৰ বাবে ১,৩৭,৫০,০০০ টকাৰ অনুদান আগবঢ়োৱা হৈছে । এই অনুষ্ঠানত মহমৰা চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াকে ধৰি আচঁনিখনৰ লগত জড়িত অভিযন্তা আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে । আনহাতে ধৰ্মীয় অনুষ্ঠানসমূহৰ বাবে চৰকাৰে অনুদান আগবঢ়োৱাত আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজ ।
লগতে পঢ়ক:ধেমাজিত 'জলবোমা' শীৰ্ষক গ্ৰন্থৰ পৰ্যালোচনা সভা