ডিব্ৰুগড় 11 জুলাইঃ কৃত্ৰিম বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় ৷ চহৰ খনৰ ২২টা ৱাৰ্ডৰ লগতে উপকণ্ঠ গাঁও সমূহও কৃত্ৰিম বানৰ কবলত পৰাৰ লগতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বানে বুৰাই পেলালে ৷ ডিব্ৰুগড় আৰক্ষী চাওনি,মিলন নগৰ,খলিহামাৰি আদি অঞ্চলত একঁকাল পানীৰ বিপৰীতে চহৰৰ সৰ্বাধিক অঞ্চল,মুখ্য পথবোৰ বুৰ যায় পানীৰ তলত ।
পানীৰ তলত মুখ্যমন্ত্ৰীৰ গৃহ জিলা - 37 national highway
কৃত্ৰিম বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় ৷ চহৰ খনৰ ২২টা ৱাৰ্ডৰ লগতে উপকণ্ঠ গাঁৱ সমূহও কৃত্ৰিম বানৰ কবলত পৰে৷ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বানে বুৰাই পেলালে ৷
কৃত্ৰিম বানত জলবন্দী ডিব্ৰুগড় বাসী
ইফালে ইয়াৰ মাজতে চহৰৰ মাজমজিয়াত চলন্ত বাহনৰ ওপৰত উভালি পৰিল এডাল প্ৰকাণ্ড গছ । কৃত্ৰিম বানৰ ফলত কোমল হৈ পৰা মাটিৰ বাবেই পথৰ দাঁতিত থকা এজোপা গছ এখন চলন্ত বাহনৰ ওপৰত উভালি পৰে যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে গাড়ীখনৰ গৰাকী জন ৷
Last Updated : Jul 11, 2019, 4:57 PM IST