অসম

assam

ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিৰোধীৰ গোচৰ খাৰিজ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া - সমষ্টি পুনৰ নিৰ্ধাৰণ

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত অসমৰ সন্মিলিত বিৰোধীয়ে দাখিল কৰা গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ মঙলবাৰে নামৰূপত জয়পুৰ ব্লক কংগ্ৰেছে ৰূপায়ন কৰা এক বিক্ষোভ কাৰ্যসূচীত অংশ লয় ভূপেন বৰাই ৷

Constituency Delimitation
Constituency Delimitation

By

Published : Jul 25, 2023, 8:04 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

নাহৰকটীয়া, ২৫ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিৰোধী পক্ষই উচ্চতম ন্যায়ালয়ত তৰা গোচৰ খাৰিজ কৰা বিষয়ত ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ নামৰূপ সাৰকাৰখানা বন্ধ কৰাক লৈ বিগত চাৰিদিন ধৰি প্ৰতিবাদমুখৰ হৈ থকা নামৰূপত মঙলবাৰে জয়পুৰ ব্লক কংগ্ৰেছে ৰূপায়ন কৰা বিক্ষোভ কাৰ্যসূচীত অংশ লয় ভূপেন বৰাই ।

উক্ত কাৰ্যসূচীৰ অন্তত সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত উচ্চতম ন্যায়ালয়ে বিৰোধী পক্ষৰ গোচৰ খাৰিজ কৰাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত বৰাই কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে. বি. পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাকলৈ গঠিত তিনিজনীয়া বিচাৰপীঠে বিৰোধী দলসমূহে তৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ।

য'ত বিৰোধী দলসমূহৰ হৈ অধিবক্তা কপিল চিবালে বিচাৰপীঠৰ সন্মুখত দুটা বিধানৰ পটভূমিত যুক্তি দৰ্শাই । বিৰোধী অধিবক্তাই দিয়া যুক্তি অনুসৰি সীমা নিৰ্ধাৰণ আইন, ২০০২ৰ ১০এ ধাৰা অনুসৰি ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যত সীমা নিৰ্ধাৰণৰ কচৰৎ পিছুৱাই দিব পাৰে যদিহে ৰাষ্ট্ৰীয় অখণ্ডতা বা জনশৃংখলাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিস্থিতিৰ সৃষ্টি হয় ।

দ্বিতীয়তে, জনপ্ৰতিনিধিত্ব আইন অৰ্থাৎ আৰ. পি. এ ধাৰা ৮ এৰ অধীনত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ বা নাগালেণ্ড ৰাজ্যৰ সন্দৰ্ভত সীমা নিৰ্ধাৰণৰ কচৰৎ ভাৰতৰ নিৰ্বাচন আয়োগে কৰিব পাৰিব, যদিহে ৰাষ্ট্ৰপতিয়ে সীমা নিৰ্ধাৰণ আইনৰ ১০এ ধাৰা অনুসৰি জাৰি কৰা স্থগিতাদেশ বাতিল কৰে ।

তেনেস্থলত ৰাষ্ট্ৰপতিৰ কোনো পূৰ্বনুমতি অবিহনে পুনৰ নিৰ্ধাৰণ খচৰা প্ৰস্তুত কৰা কাৰ্য সম্পূৰ্ণৰূপে অ-সংবিধানিক বুলি যুক্তি দাঙি ধৰে আৰু ন্যায়াধিশৰ বিচাৰপীঠে এইক্ষেত্ৰত সাংবিধানিক স্বতন্ত্ৰ সংস্থা নিৰ্বাচন আয়োগৰ কাম-কাজত স্থগিতাদেশ জাৰি কৰা নাই যদিও নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে । বৰাই কয় যে ন্যায়ালয়ে জাননী জাৰি কৰাক কাৰ্যক যদি মুখথেকেচা বুলি কোনোবাই কয় তেন্তে সেইয়া আইন আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভুল ব্যাখ্যা আগবঢ়াইছে ।

তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগক আঙুলিয়াই দিয়া সাংবিধানিক ভুলবোৰৰ শুধৰণি নকৰাকৈয়ে যদি চূড়ান্ত খচৰা প্ৰস্তুত কৰে তেন্তে বিৰোধীয়ে পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ থল আছে তাৰোপৰি উচ্চতম ন্যায়ালয়ে গোচৰ তৰা বিৰোধী দলসমূহক দুসপ্তাহৰ ভিতৰত নিজৰ মতামত জনাবলৈও সুবিধা প্ৰদান কৰিছে গতিকে কেছ এতিয়াও শেষ হোৱা নাই বুলি ভূপেন বৰাই প্ৰকাশ কৰে ।

লগতে পঢ়ক:ST status to six communities: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰৰ কমিটী সম্পৰ্কে জ্ঞাত নহয় কেন্দ্ৰ

ABOUT THE AUTHOR

...view details