মৰাণ, ২৩ ডিচেম্বৰ:সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰিছে বিকশিত ভাৰত সংকল্প যাত্ৰা । শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক প্ৰকাৰে লোকসভা নিৰ্বাচনৰ বাবে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে ।
পিছ পৰি থকা নাই বিৰোধী কংগ্ৰেছ দল । ৰাইজৰ মাজলৈ গৈ চৰকাৰী আঁচনিৰ কথা ক'ব নোৱাৰিলেও বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি কংগ্ৰেছ কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিছে ।
আজি সোণাৰিৰ ৰাজীৱ ভৱনত আয়োজন কৰা হয় সমষ্টি ভিত্তিত বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । এই অনুষ্ঠানতে দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।