মৰাণ, ৮ এপ্ৰিল: ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত বৃহস্পতিবাৰে বিভাগীয় বিষয়াৰ সৈতে আলোচনাত মিলিত হয় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্তগৰাকীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় ।
এন এইচ আই ডি চি এলৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে জিলা উপায়ুক্তগৰাকীয়ে । জিলাখনত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যবোৰৰ অগ্ৰগতিৰ বুজ লয় পল্লৱ গোপাল ঝাই । উক্ত বৈঠকত উপায়ুক্তগৰাকীয়ে নিৰ্মীয়মান ঘাইপথৰ লগতে কাম সম্পূৰ্ণ হোৱা ঘাইপথৰ অংশসমূহত ৰাইজৰ সুবিধাৰ অৰ্থে চাইনেজ লগাবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে ।