অসম

assam

ETV Bharat / state

চৰ্চাত বিমলৰ ব্যতিক্ৰমি টেক্টৰ - farmer bimal gogoi

টিংখাঙত এখন টেক্টৰক লৈ চলিছে বিশেষ চৰ্চা । টেক্টৰ চাবলৈ বাঢ়িছে মানুহৰ ভীৰ । কিন্তু কিয় সবিশেষ চাওক এই প্ৰতিবেদনত ৷

Exceptional Tector at tingkhong
চৰ্চাত টিংখাঙৰ বিমলৰ ব্যতিক্ৰমি টেক্টৰ

By

Published : Jul 11, 2021, 12:33 PM IST

টিংখাং, 11 জুলাই :এতিয়া আহাৰ মাহ । পথাৰত কৃষকৰ অন্তহীন ব্যস্ততা । পথাৰত হালোৱা- ৰোৱনীয়ে ভীৰ কৰিছে বোকা-মাটি চহাবলৈ ৷ এইহেন খেতিৰ বতৰতে টিংখাঙৰ ১ নং পানীবুৰা গাঁৱত এখন টেক্টৰক লৈ চলিছে বিশেষ চৰ্চা ।

টেক্টৰখন য'তেই চলিছে তাতেই ভীৰ বাঢ়িছে ৰাইজৰ । এই বিশেষ টেক্টৰখন চাবলৈ ৰাইজৰ বাঢ়িছে উৎকণ্ঠা ৷ কিন্তু কিয় ভীৰ কৰিছে গাঁৱবাসীয়ে ?

কিয়নো টিংখাঙৰ ১ নং পানীবুৰা গাঁৱৰ বিমল গগৈ নামৰ এজন যুৱকে সাজি উলিয়ালে এই টেক্টৰখন । অনুসন্ধিৎসু মনৰ যুৱক বিমল গগৈয়ে পুৰণি বাজাজ চুপাৰৰ ইঞ্জিন, স্কুটাৰৰ হেণ্ডেল, ক্লাচ-একচেলেটৰ, পালচাৰ বাইকৰ চেইন ব্যৱহাৰ কৰি সাজি উলিয়াইছে এই বিশেষ টেক্টৰখন ৷ প্ৰায় ১২ হাজাৰ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে এই বিশেষ টেক্টৰখন ৷

চৰ্চাত টিংখাঙৰ বিমলৰ ব্যতিক্ৰমি টেক্টৰ

এই টেক্টৰখন লৈ বিমল এইবাৰ নামিছে খেতি পথাৰত । স্কুটাৰ ইঞ্জিন চালিত এই টেক্টৰখনে ডেৰ লিটাৰ তেলত প্ৰায় এক বিঘা মাটি চহাব পাৰে । যাৰ সহায়ত দিনটোত ২-৩ বিঘা মাটি সহজতে চহাব পাৰি ৷

এই বিশেষ টেক্টৰখনত মাটি চহাবলৈ গৰুৰ হালৰ ফালখন ব্যৱহাৰ কৰা হৈছে । বিমলৰ এই উদ্ভাৱনী কাৰ্যত স্থানীয় সকলো আনন্দত হৈ পৰিছে ৷ উল্লেখ্য যে, এটা সময় আছিল, যেতিয়া এখন চৰকাৰী সাহায্যযুক্ত এখন টেক্টৰ পাবলৈ এহাল গৰু বিক্ৰী কৰি ধন যোগাৰ কৰিছিল বিমল গগৈয়ে ।

কিন্তু দালালৰ চক্ৰত পৰি তেওঁৰ সেই ধনো গ'ল, টেক্টৰো নাহিল । পাচে এখন টেক্টৰ লোৱাৰ হেঁপাহ মনৰ পৰা মচিব নোৱাৰিলে কৃষক পৰিয়ালৰ ল'ৰাজনে ৷ সেই হেঁপাহ পূৰণৰ বাবে যুৱকজনে সাজি উলিয়ালে এই অসাধাৰণ টেক্টৰখন ৷ বিশেষভাৱে নিৰ্মিত এই টেক্টৰখনক লৈ আনন্দিত এতিয়া বিমল ৷

লগতে পঢ়ক:চাম'লীৰ পুষ্প উপত্যকা দেখিছেনে ?

ABOUT THE AUTHOR

...view details