মৰাণ, 26 মাৰ্চ:ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত এইবাৰ আকৰ্ষণীয় হ'ব বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী যুঁজ ৷ কিয়নো, নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী ইচ্ছ্যুৱে বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাক বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে ৷ অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত বিধায়ক ঋতুপৰ্ণ বৰুৱাই লাহোৱালত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহে যেন এই কথাকেই প্ৰমাণ কৰিছে ৷
ধানোৱাৰৰ নিৰ্বাচনী ইছ্যুৱে বিপাঙত পেলাইছে বিনোদ হাজৰিকাক - কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰ
কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ৷ ধানোৱাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৷ মনোজ ধানোৱাৰৰ লাহোৱাল সমষ্টিক লৈ ভৌগোলিক জ্ঞান নাই বুলি কটাক্ষ বৰুৱাৰ ৷
বৰুৱাই অভিযোগ কৰা মতে, কংগ্ৰেছ প্ৰাৰ্থী ধানোৱাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ সমষ্টিবাসীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে ৷ চাহ জনগোষ্ঠীৰ লোকসকলক কংগ্ৰেছ দলে মদ-মাংস খুৱাই জনগোষ্ঠীটোক অপমান কৰিছে বুলি অভিযোগ কৰাৰ লগতে বৰুৱাই মনোজ ধানোৱাৰৰ লাহোৱাল সমষ্টিক লৈ ভৌগোলিক জ্ঞান নাই বুলি কটাক্ষ কৰে ৷ বৰুৱাই লগতে কয় যে, এইক্ষেত্ৰত তেওঁৰ জ্ঞানৰ অভাৱৰ বাবে অপপ্ৰচাৰ চলাইছে ৷ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ মিথ্যাচাৰ সন্দৰ্ভত নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দাখিল কৰিব বুলিও বৰুৱাই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ: পৱন সিং ঘাটোৱাৰ