অসম

assam

ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - বিজেপি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দিচাংপানী আঞ্চলিক সমিতিৰ সদস্যসকলে বুধবাৰে মৰাণহাট আৰক্ষী চকীৰ অন্তৰ্গত লেচাই হাবিত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ মৰাণ-সোণাৰি সংযোগী পথ শীঘ্ৰে নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By

Published : Oct 28, 2020, 6:00 PM IST

মৰাণ, 28 অক্টোবৰ:মৰাণ-সোণাৰি সংযোগী পথ শীঘ্ৰে নিৰ্মাণৰ দাবীৰে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দিচাংপানী আঞ্চলিক সমিতিৰ সদস্যসকলে ৷ মৰাণহাট আৰক্ষী চকীৰ অন্তৰ্গত লেচাই হাবিত প্ৰতিবাদী সংগঠনটোৱে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

পথ নিৰ্মাণৰ দাবীৰে মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

স্থানীয় বিধায়ক তথা গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,চৰাইদেউ জিলা সমিতিৰ যুটীয়া সম্পাদক পল্লৱ শৰ্মাৰ নেতৃত্বত বিজেপি বিৰোধী শ্ল'গান ধ্বনিত কৰে প্ৰতিবাদকাৰীসকলে ৷ সংগঠনটোৰ দিচাংপানী আঞ্চলিক সমিতিৰ সভাপতি ক্ষীৰোদ বৰুৱা আৰু সম্পাদক অভিজিৎ গগৈয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি অঞ্চলটোৰ মুল মেৰুদণ্ড স্বৰূপ জৰাজীৰ্ণ পথটো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনায় ৷ পথটো নিৰ্মাণ কৰি জনসাধাৰণৰ যাতায়াত সুচল কৰিবলৈ দাবী জনাই এনে নকৰিলে আগন্তুক সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়নিও প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

মৰাণ-সোণাৰি সংযোগী পথ শীঘ্ৰে নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে

লগতে পঢ়ক:ধেমাজিত বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details