ডিব্ৰুগড়, 8 মাৰ্চ :ডিব্ৰুগড় চহৰৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাত চৰম ব্যৰ্থ হৈছে চৰকাৰ ৷ এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । মংগলবাৰে চহৰখনৰ গৰাখহনীয়াস্থলীত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ সভাপতিগৰাকীয়ে কয় যে, কেইটামান মাহৰ পূৰ্বে জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাজকীয়ভাৱে ডিব্ৰুগড়ত গৰাখহনীয়াৰ স্থান পৰিদৰ্শন কৰিছিল । কিন্তু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিদৰে কাম আগবাঢ়িব লাগিছিল সেইয়া হৈ নুঠিল । ফলত খৰালি কালতো বৰলুইতৰ ভয়ংকৰ খহনীয়াক লৈ আতংকিত হৈ পৰিছে ডিব্ৰুগড় চহৰৰ ৰাইজ (Erosion of Brahmaputra river in Dibrugarh)।
চহৰখনত সংঘটিত ভয়ংকৰ গৰাখহনীয়া ৰোধ কৰিবলৈ এতিয়া জলসম্পদ বিভাগৰ বিষয়া, শ্ৰমিকসকলে দিনে নিশাই চেষ্টা চলাইছে । কিয়নো বৰলুইতৰ খহনীয়াই বিপদ আসন্ন কৰি তুলিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । দুদিন পূৰ্বে চহৰখনৰ কাছাৰীঘাটত হোৱা ভয়ংকৰ খহনীয়াত জাহ গৈছিল ৫০ মিটাৰৰো অধিক ভূমি । লগতে পানীয়ে উটুৱাই লৈ যায় জিঅ'বেগ । ইফালে চহৰখনৰ একমাত্ৰ সুৰক্ষা বান্ধটো আছে খহনীয়া হোৱা স্থানৰ পৰা মাত্ৰ 20 মিটাৰ দূৰত্বত । সুৰক্ষা বান্ধটো চিঙিলেই যিকোনো মুহূৰ্ততে ডিব্ৰুগড় চহৰলৈ ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰিব বুলি আশংকা প্ৰকাশ কৰিছে সচেতন মহলে (AJP president visit landslide site in Dibrugarh)
ভয়াৱহ খহনীয়া পৰিদৰ্শন কৰি চৰকাৰ-বিভাগীয় মন্ত্ৰীক সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । চৰকাৰে বিজ্ঞানসন্মত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হয় জাতীয় পৰিষদৰ সভাপতিগৰাকী । জিঅ'বেগ দি সাময়িক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি এইয়া মাত্ৰ পেইনকিলাৰহে বুলি কৈ লুৰিণজ্যোতি গগৈয়ে চৰকাৰক কৰিলে সমালোচনা (Lurinjyoti Gogoi criticized govt over Dibrugarh erosion) ।