মৰাণ,27 এপ্ৰিল: ক'ভিডৰ ভয়াৱহতাৰ মাজতে দেশত ঘটিছে অক্সিজেনৰ নাটনি । ইতিমধ্যে, বহু ৰাজ্যত অক্সিজেনৰ বাবে হাহাকাৰ কৰিবলগা হৈছে ক'ভিড আক্ৰান্তই । ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে, প্ৰয়োজন পূৰণ কৰিব পৰাকৈ ৰাজ্যত মজুত আছে অক্সিজেন ।
ৰাজ্য়ৰ মুখ্য সচিবলৈ অসম জাতীয় পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ - এজেপি
দেশত এতিয়া ভয়াৱহ অক্সিজেনৰ নাটনি হৈছে ৷ অক্সিজেনৰ এই নাটনিৰ সময়তে অসম জাতীয় পৰিষদে ৰাজ্য়ৰ মুখ্য সচিবলৈ অক্সিজেন সম্পৰ্কীয় অনুৰোধেৰে প্ৰেৰণ কৰিলে এখনি স্মাৰক পত্ৰ ৷
ৰাজ্য়ৰ মুখ্য সচিবলৈ অসম জাতীয় পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ
তথাপিও, কৰ’ণা মহামাৰীৰ এই সংকটৰ সময়ছোৱাত সৃষ্টি হোৱা অক্সিজেনৰ নাটনিয়ে চিন্তিত কৰি তুলিছে সকলোকে । সেই হেতুকে সোমবাৰে অসম জাতীয় পৰিষদৰ একাংশ নেতাই ৰাজ্যৰ মুখ্য সচিবলৈ অক্সিজেন সেৱা সাৰ্বজনীন কৰাৰ অনুৰোধৰে প্ৰেৰণ কৰে এখনি স্মাৰক পত্ৰ । স্মাৰক পত্ৰখনত ক্ষীপ্ৰতাৰ সৈতে ক’ভিড সম্পৰ্কীয় প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্য সচিবক আহ্বান জনাই দলটোৱে ।
লগতে পঢ়ক :জীৱন মৰাণৰ প্ৰত্যাৱৰ্তন : প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাৰ প্ৰতিক্ৰিয়া