ডিব্ৰুগড়, 2 জানুৱাৰী :ডিব্ৰুগড়ৰ লেপেটকটা স্থিত পেট্ৰ’ৰাসায়নিক ৰাষ্ট্ৰীয় প্ৰকল্প ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত অঘটন । বিচিপিএলৰ কুলিং প্লাণ্টত এচিড পৰি দুজনকৈ কৰ্মচাৰী গুৰুতৰ ভাবে আহত । গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পৰ ''কুলিন টাৱাৰ-1'' ত সংঘটিত হ’ল ভয়াবহ দুৰ্ঘটনাটো । মুম্বাইস্থিত বাছু কেমিকেল নামৰ এটি ব্যক্তিগত কোম্পানীৰ কুলিন টাৱাৰ-1ত ছালফিউৰিক এচিড পৰিবাহী এডাল উচ্চ চাপ সম্পন্ন পাইপ ফুটি কোম্পানীটোৰ দুজনকৈ কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
কোম্পানীটোৰ কৰ্মচাৰী দুজনৰ নাম হৈছে প্ৰশান্ত কুমাৰ নেওগ (অপাৰেটৰ) আৰু মহিবুৰ ৰহমান (সহায়ক) । ইয়াৰে অপাৰেটৰ প্ৰশান্ত কুমাৰ নেওগ নামৰ কৰ্মচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান ডিব্ৰুগড় চহৰৰ আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে । নৱবৰ্ষৰ পহিলা জানুৱাৰীতে এই ঘটনাৰ সংঘটিত হৈছিল যদিও শনিবাৰেহে সাংবাদিকৰ অনুসন্ধানত সমগ্ৰ ঘটনাৰ পোহৰলৈ আহে । আহত পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি ঘটনাৰ বহু সময় অতিক্ৰম কৰা পিছতো এই পৰ্যন্তলৈকে বিচিপিএল কৰ্তৃপক্ষই কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই । ইয়াৰ পৰিৱৰ্তে বিচিপিএল কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিবলৈহে চেষ্টা অব্যাহত ৰাখিছে বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।