মৰাণ, ৮ আগষ্ট :সমগ্ৰ দেশতে ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত আছে । বিগত বছৰৰ পৰা মহামাৰী আৰু লক ডাউনে (Lockdown) একপ্ৰকাৰ জুৰুলা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক । আৰ্থিক সংকটত (Financial crisis) পৰিছে বহু লোক । কিন্তু তাৰ পাছতো পেট্ৰ'ল, ডিজেলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে ।
ফলত মহামাৰীত জুৰুলা হোৱা সৰ্বাসাধাৰণ নাগৰিকৰ বাবে জীৱিকা নিৰ্বাহৰ বাবে চৰম সংকট আহি পৰিছে । লক্ষণীয়ভাৱে অসমতো মূল্যবৃদ্ধিৰ (Price hike) ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে । একাংশ লোকে আনকি দুবেলা দুমুঠি খাবলৈও হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে । কিন্তু ৰাইজৰ এনে দুৰ্দশা দেখিও কোনো গুৰুত্ব নাই চৰকাৰৰ ।
নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতি দি ঘৰে ঘৰে যোৱা নেতাসকলো আজি নিমাত । সেয়ে চৰকাৰৰ এনে নিৰ্লিপ্ত ভূমিকাৰ বাবে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । বাকী জিলাসমূহৰ দৰে শনিবাৰে ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টি মাহমৰাত দেখা গ'ল বৃহৎ প্ৰতিবাদ । মাহমৰাৰ কাকতিবাৰীত মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।