অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত আছুৰ প্ৰতিবাদ মৰাণ,১৬ ডিচেম্বৰ:গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে চৰাইদেউ জিলাৰ মৰাণহাটৰ ঐতিহ্যমণ্ডিত আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰি এজাহাৰৰ দাখিল কৰা হৈছিল ।
ইয়াৰ পাছতেই মৰাণহাট আৰক্ষীয়ে আটক কৰিছিল ঐতিহ্যমণ্ডিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যৌনতাৰ দাগ লগোৱা অধ্যক্ষগৰাকীক । কিন্তু আটক কৰা কেইঘন্টামানৰ পিছতে ৰহস্যজনকভাৱে আৰক্ষীয়ে জামিন ল'বলৈ সুবিধা কৰি দিছিল অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক । ইয়াৰ পাছতেই প্ৰতিবাদমুখৰ হৈ পৰিছে মৰাণ । ইতিমধ্য মৰাণহাট আৰক্ষীৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল'জ কৰাৰ লগতে অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক নিলম্বিত কৰিছে শুকুৰবাৰে ।
কিন্তু শনিবাৰে পুনৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত শ-শ ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ । ছাত্ৰীক যৌন উৎপীড়ন চলোৱা অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক জেললৈ প্ৰেৰণ কৰাৰ দাবীত এই প্ৰতিবাদ ৷ একপ্ৰকাৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি । কিন্তু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া মৰাণহাট আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত দেখুৱাই বৰমতা ।
আছুৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচীৰ মাজতে আৰক্ষীৰে ছাত্ৰ-ছাত্ৰীৰ হতাহতি সৃষ্টি হয় । পৰৱৰ্তী সময়ত চৰাইদেউ মাহমৰা ৰাজহ চক্ৰ চক্ৰ বিষয়া প্ৰতিবাদ স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । সমগ্ৰ ঘটনাৰ এক উচ্চ তদন্ত কৰাৰ আহ্বান জনাই চক্ৰ বিষয়া ইন্দ্ৰিকা গগৈয়ে । শীঘ্ৰে এই ঘটনাৰ উচিত তদন্ত নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে আছু নেতাসকলে ।
লগতে পঢ়ক:যোৰহাট বোমা বিস্ফোৰণ : লিচুবাৰীৰ 41 নং সেনা শিবিৰত উপস্থিত NIA