অসম

assam

ETV Bharat / state

মেঘা চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - megha tea estate

মৰাণৰ মেঘা চাহ বাগিচাত শ্ৰমিকৰ মাজত হাহাকাৰ ৷ বাগিচাৰ শ্ৰমিকক বিনা কাৰণত উচ্ছেদৰ নিৰ্দেশ বাগিচাৰ স্বত্বাধিকাৰীৰ ৷

A_Moran_807to8012_Protest against owner of Megha tea estate at Moran Circle officer_As10031
মৰাণৰ মেঘা চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Aug 28, 2021, 9:00 AM IST

মৰাণ, 28 আগষ্ট :চাহ কোম্পানীসমূহে চাহ শ্ৰমিকসকলৰ ওপৰত কৰিব নোৱাৰিব কোনো ধৰণৰ শোষণ আৰু নিৰ্যাতন ৷ এই ঘোষণা ৰাজ্য চৰকাৰৰ ৷ কিন্তু বাগানসমূহৰ মালিকপক্ষৰ ওচৰত শ্ৰমিকসকলৰ মূল্য যেন তেনেই নগণ্য ৷ যাৰ বাবে সময়ে সময়ে বাগিচাৰ মালিক তথা কৰ্তৃপক্ষৰ দ্বাৰা শোষিত-বঞ্চিত হৈ আহিছে শ্ৰমিকসকল ৷ ঠিক এনে এক ঘটনাই সংঘটিত হৈছে মৰাণৰ মেঘা চাহ বাগিচাত (Megha Tea Estate) ৷

বাগিচাখনৰ স্বত্বাধিকাৰী বিজু বেৰীয়াই উক্ত স্থানৰ পৰা প্ৰায় ১২ ঘৰকৈ লোকক বিনা কাৰণত উচ্ছেদ কৰিবলৈ কোৱাৰ এক অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে, পূৰ্বে উক্ত চাহ বাগিচাখন জালান নামৰ এজন লোকৰ আছিল ৷ কিন্তু জালানে বিজু বেৰীয়াক বিক্ৰী কৰি দিয়ে বাগানখন ৷ ইয়াৰ পিছৰ পৰাই উক্ত পৰিয়ালসমূহক বিভিন্ন ভয় ভাবুকি দেখুৱাই বিজু বেৰীয়াই উচ্ছেদ কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ অভিযোগ তৰিছে ।

এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷ প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্ল'গানেৰে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক :উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে

ABOUT THE AUTHOR

...view details