ডিব্ৰুগড়, 23 নৱেম্বৰ :সমাগত লোকসভা নিবাৰ্চনক লৈ ৰাজ্যৰ শাসক বিৰোধী সকলো দল তৎপৰ হৈ পৰিছে । বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অসমত কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হৈছে বিৰোধী ঐক্য । বিৰোধী ঐক্যৰ অন্তৰ্ভুক্ত আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী, বৰপেটা আৰু ধুবুৰী, এই পাঁচটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে কুচকাৱাজ চলোৱা আপ অসমে ২৬ নৱেম্বৰৰ পৰা গাঁও যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিব । ২৬ নৱেম্বৰৰ আপৰ প্ৰতিষ্ঠা দিৱসতে ডিব্ৰুগড়ত গাঁও যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰাৰ কথা ডিব্ৰুগড়ত বৃহস্পতিবাৰে জানিবলৈ দিয়ে আপ অসমৰ উপ-সভাপতি মনোজ ধানোৱাৰে ।
ডিব্ৰুগড় লোকসভা সমষ্টিত আপ অসমে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে চলাই থকা কুচকাৱাজৰ অংশ স্বৰূপে কেইবা হাজাৰ কৰ্মীক লৈ ডিব্ৰুগড়ত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে আপ অসমে । ডিব্ৰুগড় জিলা সদৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এই গাঁও যাত্ৰা । গাঁও যাত্ৰাৰ প্ৰথম দিনা ডিব্ৰুগড়ৰ খনিকৰ, মানকটা আৰু বৰবৰুৱা পঞ্চায়তত যাত্ৰা কৰা হ’ব ।