অসম

assam

ETV Bharat / state

AAP press Meet in Dibrugarh: চৰকাৰৰ ঠিকাভিত্তিত টেট শিক্ষকক লৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা আপৰ - আম আদমী পাৰ্টীৰ ৰাজ্যিক উপ সভাপতি

লোকসভা নিবাৰ্চনৰ লক্ষ্যৰে আপে সমগ্ৰ গাঁওজুৰি আৰম্ভ কৰিব 'গাঁও যাত্ৰা'কাৰ্যসূচী । এই কথা সদৰী কৰিছে আম আদমী পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে ।

Aam Aadmi Party state vice-president
আম আদমী পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:41 PM IST

আম আদমী পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি

মৰাণ, ১৫ নৱেম্বৰ:সমাগত লোকসভা নিবাৰ্চনক লৈ ৰাজ্যৰ শাসক বিৰোধী সকলো তৎপৰ হৈছে । বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অসমত কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হৈছে বিৰোধী ঐক্য । বিৰোধী ঐক্যৰ অন্তভুৰ্ক্ত আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ডিব্ৰুগড়ত আপ অসমে আয়োজন কৰে এক সংবাদমেলৰ । এই সংবাদমেলত চৰকাৰে ঠিকাভিত্তিত টে'ট শিক্ষকক লৈ লোৱা সিদ্ধান্তক লৈ তীব্ৰ বিৰোধিতা কৰে আপ অসমৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে ।

আজি ডিব্ৰুগড়ত আম আদমী পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰ, সাধাৰণ সম্পাদক মামুল ইমদাদুল হক চৌধুৰীয়ে সংবাদমেলত চৰকাৰে ঠিকাভিত্তিত টে'ট শিক্ষকক লৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে । চৰকাৰী বিদ্যালয়ত যোগদানৰ দিনাৰ পৰাই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি দা-দৰমহাকে ধৰি অনান্য ভাট্টা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় উপ-সভাপতি মনোজ ধানোৱাৰ, সাধাৰণ সম্পাদক মামুল ইমদাদুল হক চৌধুৰীয়ে । তেওঁলোকে লগতে শিক্ষকৰ বাবে পুৰণি পেঞ্চন নীতি পুনৰ বাহাল ৰখাৰ দাবী জনায় ।

ৰাজ্য চৰকাৰে ঠিকাভিত্তিত টে'ট শিক্ষকক স্থায়ী কৰিবলৈ সিদ্ধান্ত লৈছে যদিও শিক্ষক সকলে চাকিৰত যোগদান কৰা দিনৰ পৰা সকলো সুবিধা প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দিছে । এই সিদ্ধান্তক লৈ শিক্ষক সমাজতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ আপ অসমে সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে ।

আনহাতে, লোকসভা নিবাৰ্চনৰ লক্ষ্যৰে আপে সমগ্ৰ গাঁওজুৰি আৰম্ভ কৰিব 'গাঁও যাত্ৰা' কাৰ্যসূচী । এই বিষয়েও আজি সংবাদমেল জড়িয়তে ঘোষণা কৰে উপ-সভাপতি মনোজ ধানোৱাৰ, সাধাৰণ সম্পাদক মামুল ইমদাদুল হক চৌধুৰীয়ে । অহা ২৬ নৱেম্বৰত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব গাঁও যাত্ৰা । প্ৰথম পৰ্যায়ত সমগ্ৰ ডিব্ৰুগড় লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব এই গাঁও যাত্ৰা । ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব লগা গাঁও যাত্ৰাৰ প্ৰথম দিনা খনিকৰ, মানকটা আৰু বৰবৰুৱা পঞ্চায়তক সামৰি লোৱা হ'ব ।

লগতে পঢ়ক:Specially abled student: বিশেষভাৱে সক্ষম অস্মিতাৰ অনুপ্ৰেৰণামূলক কাহিনী

ABOUT THE AUTHOR

...view details