মৰাণ,25 ফেব্ৰুৱাৰী: শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰৰ "সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস" শ্ল'গান যেন এতিয়া কেৱল শ্ল'গানতে সীমাবদ্ধ । মৰাণৰ এটা দৰিদ্ৰ বৃদ্ধ দম্পতীৰ পৰিয়ালে উদঙাই দিছে এই শ্ল'গানৰ প্ৰকৃত স্বৰূপ । ছবিয়ে মিছা কথা নকয় ৷ মৰাণৰ এই দম্পতীটোৰ দুৰ্ভগীয়া জীৱনৰ ছবিখনে উদঙাই দিছে চৰকাৰৰ বিকাশৰ প্ৰকৃত স্বৰূপ ৷
এই পৰিয়ালটোৱে এটা ভঙা জুপুৰীত জীৱন অতিবাহিত কৰিছে । দীৰ্ঘদিনৰ পৰা গোহালি সদৃশ গৃহত দুৰ্বিসহ জীৱন কটাইছে মৰাণ সমষ্টিৰ হালধিবাৰী পঞ্চায়তৰ চিলচিলি ডিমৌ কিনাৰ গাঁৱৰ নন্দেশ্বৰ ফুকন নামৰ দৰিদ্ৰ বৃদ্ধ দম্পতীটোৰ পৰিয়ালৱে । এই দৰিদ্ৰ পৰিয়ালটোৰ ক্ষেত্ৰত কোনো দিনে দৃষ্টি নপৰিল পঞ্চায়ত প্ৰতিনিধিৰ লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ।