মৰাণ,25 মে’: ডিব্ৰুগড় জিলাৰ উপ আৰক্ষী অধীক্ষক ড৹ অনুপজ্যোতি বৰাৰ নেতৃত্বত নিশা মৰাণ আৰক্ষীৰ অভিযান ৷ সোমবাৰে নিশা মৰাণ শান্তিবন শ্মশানত আৰক্ষীৰ এটা দলে অভিযান চলাই ২৬৬ গ্ৰাম গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে জনোৱা মতে, শ্মশানৰ চকীদাৰ ভাই সিং আৰু পত্নী সুনীতা সিঙে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় চলাই আহিছিল ।
মৰাণত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ - শান্তিবন শ্মশান
মৰাণত সোমবাৰে নিশা আৰক্ষীৰ অভিযানত গাঞ্জাসহ এজনক আটক ৷ প্ৰায় ২৬৬ গ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷
মৰাণত সোমবাৰে নিশা আৰক্ষীৰ অভিযানত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ
উল্লেখ্য যে, ভাই সিং এতিয়া পলাতক অৱস্থাত আছে ৷ সম্প্ৰতি 27 বছৰীয়া সুনীতা সিঙক মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন যুৱকক ঘটনা সন্দৰ্ভত আটক কৰিছে । মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিননাথ মিলিয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : বাক্সাত ডাইনী সন্দেহত মৰিয়াই এজনক হত্যা