মৰাণ, ২৯ অক্টোবৰ: কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ সীমান্ত গগৈয়ে। ৭ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি আসাম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সীমান্ত গগৈয়ে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।
ৱৰ্ল্ড'ছ লাৰ্জেষ্ট অনলাইন পেইণ্টিং কম্পিটিশ্বনত ড° ভূপেন হাজৰিকাৰ ছবি অংকন কৰি বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে । অসম তথা সমগ্ৰ দেশকে গৌৰৱান্বিত কৰাৰ পিছতে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সহযোগত দুলীয়াজান আঞ্চলিক আৰু শাখা সমিতিয়ে সীমান্ত গগৈক অভিনন্দন জ্ঞাপন কৰে। যোৱা ২৮ অক্টোবৰত কছাৰী পথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত সীমান্ত গগৈক সম্বৰ্ধনা জনোৱা হয়।