অসম

assam

ETV Bharat / state

পদপথৰ বাসিন্দাক সহায়ৰ হাত কলেজীয়া ছাত্ৰৰ - খাদ্য সামগ্ৰী বিতৰণ

পদপথৰ বাসিন্দাক সহায়ৰ হাত প্ৰাচুৰ্য বৰগোহাঁই নামৰ সোণাৰিৰ এগৰাকী মানৱ দৰদী কলেজীয়া ছাত্ৰৰ ৷ কৰ'ণা (Corona) মহামাৰীৰ পৰিপ্ৰেক্ষিত পদপথত বসবাস কৰা লোকসকলৰ কাষত উপস্থিত হৈ অৰ্ধ শতাধিক লোকক N95 মাস্ক, চেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

a-college-student-comes-to-help-needy-people
পদপথৰ বাসিন্দাক সহায়ৰ হাত কলেজ ছাত্ৰৰ

By

Published : Jun 8, 2021, 9:51 PM IST

মৰাণ, 8 জুন : কৰ'ণা (Corona) মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নিৰ্দেশনাই আহুকালৰ সৃষ্টি কৰিছে বিভিন্ন জনৰ মাজত । আংশিক লকডাউন (Lock Down)ৰ ফলত জনজীৱন স্তব্ধপ্ৰায় হৈ পৰিছে খাটিখোৱা সাধাৰণ জনতাৰ । তাৰ সমান্তৰালকৈ এতিয়া খাদ্য সংকটত ভুগিছে আশ্ৰয়হীন পদপথৰ বাসিন্দাসকল । এইসকল পদপথৰ বাসিন্দাক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে সোণাৰিৰ এগৰাকী মানৱদৰদী যুৱক প্ৰাচুৰ্য বৰগোহাঁই ।

পদপথৰ বাসিন্দাক সহায়ৰ হাত কলেজ ছাত্ৰৰ

শ্বিলঙৰ চেণ্ট এডমাণ্ড কলেজৰ ছাত্ৰ প্ৰাচুৰ্য বৰগোহাঁই মঙলবাৰে সোণাৰিৰ পদপথত বসবাস কৰা লোকসকলৰ কাষত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ায় । বিগত সময়তো সাঁচতীয়া ধনেৰে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়োৱা প্ৰাচুৰ্যই ৷ সোণাৰিৰ পদপথত বসবাস কৰা প্ৰায় অৰ্ধ শতাধিক লোকক N95 মাস্ক, চেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য যে, বিগত সময়তো বানপানীৰ লগতে বিভিন্ন কাৰণত উপায়হীন হৈ পৰা লোকসকলক সহায়ৰ হাত আগবঢ়ায় মানৱতাৰ নিদৰ্শন ডাঙি ধৰিছিল প্ৰাচুৰ্য বৰগোহাঁই ।

লগতে পঢ়ক:বজাৰৰ অভাৱ: পানীৰ দামত বিক্ৰী হৈছে কৃষকৰ ফচল

ABOUT THE AUTHOR

...view details