অসম

assam

ETV Bharat / state

টেঙাখাটত নগদ ধন সহ ৯ জন জুৱাৰীক আটক - টেঙাখাটত দুৱাৰী গ্ৰেপ্তাৰ

সান্ধ্য আইনৰ সুযোগ লৈ বহুদিনৰে পৰা টেঙাখাট অঞ্চলত জুৱা খেলৰ এক ৰমৰমীয়া ব্যৱসায় চলি আহিছিল । অৱশেষত, টেঙাখাতৰ ভেকুলাজানত ৯ জনকৈ জুৱাৰী (gambler)ক আটক কৰিবলৈ সক্ষম হয় টেঙাখাত আৰক্ষীয়ে ৷

9 gamblers are arrested in tengakhat dibrugarh
টেঙাখাটত নগদ ধন সহ ৯জনকৈ জুৱাৰীক আটক কৰিলে আৰক্ষীয়ে

By

Published : Jun 26, 2021, 6:40 AM IST

মৰাণ, 26 জুন :ৰাজ্যজুৰি অপৰাধ নিয়ন্ত্ৰণৰ বাবে কঠোৰতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে (Assam Police) ৷ বিগত ডেৰটা মাহে নিচাযুক্ত দ্ৰৱ্যৰ বেহা-বেপাৰ, গৰুৰ চোৰাং সৰবৰাহ, ভূমি বেদখলকাৰী, জুৱা খেল আদি অসামাজিক কামৰ বিৰুদ্ধে অভিযান চলাই শদিয়াৰ পৰা ধুবুৰীলৈ বহু লোকক আটক কৰিছে অসম আৰক্ষীয়ে (Assam Police) ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে তীব্ৰতৰ ৰূপত অভিযান অব্যাহত ৰাখিছে ৷

টেঙাখাটত নগদ ধন সহ ৯জনকৈ জুৱাৰীক আটক কৰিলে আৰক্ষীয়ে

শেহতীয়াকৈ, বৃহস্পতিবাৰে নিশা ‌টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি টেঙাখাতৰ ভেকুলাজানত ৯ জনকৈ জুৱাৰী(gambler)ক আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ ক'ৰণাকালীন পৰিস্থিতিৰ লগতে সান্ধ্য আইনৰ সুযোগ লৈ বহুদিনৰে পৰা টেঙাখাট অঞ্চলত জুৱা খেলৰ এক ৰমৰমীয়া ব্যৱসায় চলি আহিছিল ৷ টেঙাখাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুৱাৰী কেইজনৰ লগতে জুৱা স্থলীৰ পৰা ৬খন মটৰ চাইকেল,৬টা ম'বাইল ফোন, নগদ ১০০০০ টকা, ১০টা মদৰ বটল আৰু তিনি যোৰ তাচ পাত জব্দ কৰে।

ধৃত জুৱাৰী কেইজন টেঙাখাতৰ ভেকুলাজানৰ ক্ৰমে চিন্ময় সোনোৱাল(২৯), থানেশ্বৰ হাজৰিকা (২৮), মৃদুল শইকীয়া (৩৭), শেখৰজ্যোতি সোনোৱাল(৪২),শেখৰজ্যোতি সোনোৱাল (২৪),ৰূপম সোনোৱাল(২৭), দেৱজিৎ সোনোৱাল(২৯), মণ্টু সোনোৱাল(৩৬) আৰু নকাৰি শেনচোৱাৰ নৰেন গগৈ(৩২) বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে, টেঙাখাট আৰক্ষীয়ে (Tengakhat Police) আটাইকেইজনকে আটক কৰি জেললৈ প্ৰেৰণ কৰে । টেঙাখাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (officer in charge) ৰিতুলমণি দাসে জনোৱা মতে, এনে বহু কেইটা চক্ৰই জুৱা খেল অব্যাহত ৰাখিছে যদিও, অতি সোনকালে তেওঁ লোকৰ এই জুৱা ঘাটিও উচ্ছেদ কৰা হ'ব ।

লগতে পঢ়ক :কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

ABOUT THE AUTHOR

...view details