মৰাণ, 3 মে': ডিব্ৰুগড়ত ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে কৰ'ণা সংক্ৰমণে ৷ দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে জিলাখনত ৷ দেওবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হ'ল নতুনকৈ 17 গৰাকী লোক ৷ ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰৰ দিনটোত কৰা ক'ভিড পৰীক্ষাত 17 গৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰে 3 গৰাকী লোক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰৰ অঞ্চলৰ ৷
ক'ভিডত আক্ৰান্ত মৰাণৰ 430 গৰাকী লোক - কৰ'ণাৰ উপস্থিতি
ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰৰ দিনটোত কৰা ক'ভিড পৰীক্ষাত 17 গৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰে 3 গৰাকী লোক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰৰ অঞ্চলৰ ৷
উল্লেখ্য যে, খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে 364 গৰাকী ৷ ইফালে চৰাইদেউ জিলাৰ পাতসাকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভিন্ন অঞ্চলৰ মুঠ 66 গৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে। স্বাস্থ্য বিভাগে জনোৱা মতে, আক্ৰান্ত প্ৰায় সকলকে হোম আইচ’লেচনত ৰখা হৈছে। বৰ্তমান দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 430 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক:পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন ! ব্যক্ত কৰিলে ৰামেশ্বৰ তেলীয়ে