অসম

assam

By

Published : Feb 4, 2021, 10:41 AM IST

ETV Bharat / state

ডিব্ৰুগড়ত চাহ বাগিছা ধন পুৰস্কাৰ মেলা

ডিব্ৰুগড়ত ধন পুৰস্কাৰ মেলা শীৰ্ষক কাৰ্যসূচী। চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ অধীনত লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱাৰ উপস্থিতিত চেঁচা চাহ বাগিচাত প্ৰায় ১৬৬০ জন হিতাধিকাৰীক ৩০০০ টকাকৈ প্ৰদান কৰা হয় ।

ডিব্ৰুগড়ত চাহ বাগিছা ধন পুৰস্কাৰ মেলা
ডিব্ৰুগড়ত চাহ বাগিছা ধন পুৰস্কাৰ মেলা

মৰাণ,৪ফেব্ৰুৱাৰী: ৰাজ্যৰ চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে এক বিশেষ আঁচনি ৰূপায়ণ কৰিছিল বিজেপি চৰকাৰে। চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ জৰিয়তে বাগিছাৰ শ্ৰমিকসকলক বিশেষ আৰ্থিক সাহাৰ্য বিতৰণ কৰা হয়। এই আঁচনিৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ত আয়োজন কৰা হয় অসম চৰকাৰৰ ধন পুৰস্কাৰ মেলা শীৰ্ষক কাৰ্যসূচীৰ। এই মেলাৰ জৰিয়তে ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচাত প্ৰায় ১৬৬০ জন হিতাধিকাৰীক ৩০০০ টকাকৈ প্ৰদান কৰা হয়। লাহোৱাল সমষ্টিৰ ৩৯ খন বাগিচাত এই সাহাৰ্য বিতৰণ কৰা হয়।

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱাৰ ধন বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ অনুসূচীত মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাহুল সোণোৱাল,জিলা পৰিষদৰ উপ-সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল,ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সভাপতি প্ৰণৱ তাঁতীকে ধৰি বহু গণ্যমান্য ব্যক্তি । এই অনুষ্ঠানতেই বিধায়ক ৰিতুপৰ্ণ বৰুৱাই চাহ জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰে লোৱা আঁচনিসমূহ উপস্থিত থকা লোকসকলৰ লগতে হিতাধিকাৰীসকলক বিৱৰি কয়। পৰৱৰ্তী সময়ত আন শ্ৰমিকসকলৰ মাজত এই সাহাৰ্য প্ৰদান কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:চিৰাঙত ধন দাবীৰে হত্য়াৰ চেষ্টা এজনক

For All Latest Updates

ABOUT THE AUTHOR

...view details