চিৰাং আৰু ধুবুৰী, 9 ছেপ্তেম্বৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মহিলা নিৰ্যাতনৰ ঘটনা। সঘনাই যৌতুকজনিত কাৰণত স্বামী পৰিয়ালে নিৰ্যাতন চলাই অহা ঘটনা পোহৰলৈ আহিছে।
নিৰ্যাতন সহিব নোৱাৰি আত্মহনন মহিলাৰ - মহিলা
স্বামীগৃহৰ নিৰ্যাতন সহিব নোৱাৰি নিজ মাতৃৰ সন্মুখতেই ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰে ধুবুৰীৰ এগৰাকী মহিলাই । ঘটনাৰ পিচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শাহু, দেৱৰ আৰু ননদসহ স্বামী পৰিয়ালৰ পাঁচজন । আনহাতে বৰ্তমানেও পলাতক হৈ আছে মহিলাগৰাকীৰ স্বামী ।
এনে সময়তে আন এক মহিলা নিৰ্যাতনৰ কৰুণ ঘটনা পোহৰলৈ আহিছে ধুবুৰীত । ধুবুৰী চহৰৰ তেৰ নম্বৰ ৱাৰ্ডৰ শান্তি নগৰৰ দিপাংকৰ মিত্ৰৰ সৈতে প্ৰায় চাৰি বছৰমান পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিজনীৰ বেদনা সাহা ওৰফে বেদনা মিত্ৰ নামৰ মহিলা গৰাকীৰ । স্বামীৰ সৈতে সুখৰ সংসাৰ গঢ়াৰ সপোন লৈ স্বামী গৃহত ভৰি দিয়াৰ পিছত স্বামী স্ত্ৰীৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে জন্ম হয় এটি কন্যা সন্তান । কিন্তু অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বেদনাৰ ওপৰত স্বামী পৰিয়ালে বিগত চাৰি বছৰৰ পৰা যৌতুকজনিত কাৰণত চলাই আহিছিল অকথ্য নিৰ্যাতন । স্বামীৰ সন্মুখতেই শাহু ননদ আৰু দেৱৰেকে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই গৈছিল অসহায় বেদনাৰ ওপৰত । এটা সময়ত এই নিৰ্যাতন চৰম পৰ্য্যায়লৈ যোৱাৰ পিছত দেওবাৰে বেদনাই নিজ কন্যাক এৰি পিতৃ গৃহলৈ ৰাওনা হয় । বিজনী ৰেল ষ্টেচন পোৱাৰ পূৰ্বে মাতৃলৈ ফোন কৰি ষ্টেচনৰ পৰা লৈ যাবলৈ কয় বেদনাই । নিজ কন্যাৰ ফোন পাই মাতৃ গৰাকীয়ে উপস্থিত হৈছিল ৰেল ষ্টেচনত । কিন্তু চাৰি বছৰীয়া দুখ যন্ত্ৰণাৰ মাজত থকা বেদনাৰ যেন সহ্যৰ সীমা পাৰ হৈছিল । যাৰ ফলত নিজ মাতৃৰ সন্মুখতেই ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰে বেদনাই। এই ঘটনাৰ পিছতেই ক্ষোভিত হৈ পৰে ধুবুৰীৰ শান্তি নগৰৰ প্ৰতিবেশী মহিলা সকল । সোমবাৰে ৰাজ্যিক মহিলা আয়োগৰ নেতৃত্বত এদল মহিলাই ধুবুৰী আৰক্ষী থানাত উপস্থিত হৈ দোষীক শাস্তিৰ দাবীত আৰু ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰে ।