গোলকগঞ্জ,7 মে’ঃভাৰতৰ বিভিন্ন ৰাজ্যত লক্ ডাউনৰ বাবে আৱদ্ধ লোকসকলক ইতিমধ্যে প্ৰতিখন ৰাজ্যৰ চৰকাৰে ওভোটাই নিয়া প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশৰ ভিত্তিত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া ৷ অৰুণাচলত আৱদ্ধ ৪২ জনীয়া পশ্চিমবংগৰ শ্ৰমিকৰ দল এটা বিগত ৩ মে’ত প্ৰদেশখনৰ পৰা যাত্ৰাৰম্ভ কৰি অসমৰ মাজেৰে গৈ অসম-বংগ সীমান্তত উপস্থিত হয় । বুধবাৰে ছাগলীয়াত উপস্থিত হোৱা দলটোক পশ্চিমবংগত প্ৰৱেশত বাধা প্ৰদান কৰে বংগ প্ৰশাসনে ৷ ফলত দলটোৱে অনাহাৰে সময় পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
অসম-পশ্চিমবংগ সীমান্তত আৱদ্ধ শ্ৰমিকক প্ৰৱেশত বাধা পশ্চিমবংগ চৰকাৰৰ - ধুবুৰী জিলাৰ ছাগলীয়া
ধুবুৰী জিলাৰ অসম-বংগ সীমান্তত আবদ্ধ ৪২জনীয়া শ্ৰমিকৰ দল ৷ দলটোক পশ্চিমবংগ চৰকাৰে ঘূৰাই নিবলৈ অপাৰগতা প্ৰকাশ কৰাত আৱদ্ধ হৈ আছে ধুবুৰী জিলাৰ ছাগলীয়াত ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি অৰুণাচলৰ পৰা আহি অসম-বংগ সীমান্তত বুধবাৰে উপস্থিত হৈছিল দলটো ৷
শ্ৰমিকক প্ৰৱেশত বাধা পশ্চিমবংগ চৰকাৰৰ