ধুবুৰী, 4 নৱেম্বৰ : ‘‘তেওঁ বৰ্তমান মানসিক বিকাৰগ্ৰস্ত ৰোগীৰ দৰে হৈছে । ইণ্ডিয়া মিত্ৰজোঁটত চামিল হ’ব নোৱাৰি এতিয়া তেওঁ আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ।’’ বৰপেটাৰ বাঘবৰৰ এখন জনসভাত মুছলমানসকলক লৈ বদৰুদ্দিন আজমলে পুনৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ এই মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মুছলমানসকলক লৈ বদৰুদ্দিন আজমলে পুনৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল ৷ বদৰুদ্দিন আজমলে কৰা সেই মন্তব্যৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ AIUDF প্ৰধান বদৰুদ্দিন আজমলক কটাক্ষ কৰি শুকুৰবাৰে ধুবুৰীত কেতবোৰ মন্তব্য প্ৰদান কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে ।
তেওঁ কয়, ‘‘আজমলৰ সৈতে মুখ্যমন্ত্ৰীৰ এক গোপন ৰাজনৈতিক সম্পৰ্ক আছে ৷ আজমলে আজি কি মন্তব্য কৰিব সেই কথা আগদিনা মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে । অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কথা মতেই আজমলে এনে বিতৰ্কিত মন্তব্য প্ৰদান কৰি আহিছে’’ ৷
আনহাতে, ৰাহুল গান্ধীৰ নেতৃত্বত গঠন হোৱা ইণ্ডিয়া গোট বন্ধনত সোমাব নোৱাৰি আজমলে ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ যাৰ ফলতে এনে বিতৰ্কিত মন্তব্য প্ৰদান কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে । এইবোৰৰ উপৰিও পিঁয়াজৰ মূল্যবৃদ্ধি সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ।