অসম

assam

ETV Bharat / state

ভোটাৰৰ বাবে সজাগতাৰ সৃষ্টি SVEEP ৰ - বিলাসীপাৰা

ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যে খোজকাঢ়ি এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে SVEEP য়ে ৷ বিলাসীপাৰা নিৰ্বাচনী জিলা আৰু বিলাসীপাৰা ক্ৰীড়া জিলা সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচী ৷

voting-awareness
ভোটাৰৰ বাবে সজাগতা

By

Published : Mar 21, 2021, 5:03 PM IST

পূৱ বিলাসীপাৰা,21 মাৰ্চ: বিলাসীপাৰা নিৰ্বাচনী জিলা আৰু বিলাসীপাৰা ক্ৰীড়া জিলা সন্থাৰ উদ্যোগত দেওবাৰে SVEEP য়ে আয়োজন কৰে এক সজাগতা কাৰ্যসূচী । ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যে খোজকাঢ়ি সজাগতাৰ সঠিক তথ্য আৰু নৈতিক ভোট দিয়া ৰাইজৰ মাজত প্ৰচাৰ আয়োজন কৰা হৈছে ।

সমাগত বিধানসভা নিৰ্বাচনৰ ভোটাৰসকলে যাতে ভোট দিবলৈ ওলাই আহে, বিবেকেৰে ভোটদান কৰক, ভোটদান আমাৰ মৌলিক অধিকাৰ, সচেতন নাগৰিক সুস্থ গণতন্ত্ৰ শক্তিশালী কৰক আৰু যাতে 100 শতাংশ ভোটদান হয় সেই উদ্দেশ্যে খোজকাঢ়াৰ দ্বাৰা এই অভিযানৰ আয়োজন কৰে । বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয় পৰা প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত লৈ খোজকাঢ়ি অনুষ্ঠানৰ সামৰণি মাৰে ।

ভোটাৰৰ বাবে সজাগতা

উক্ত অনুষ্ঠানত সহযোগ কৰে জিলাখনৰ নৱনিযুক্ত 26 নং পশ্চিম বিলাসীপাৰা সাধাৰণ পৰ্যবেক্ষক ৰাকেশ কুমাৰ মিশ্ৰ আৰু 27 নং বিলাসীপাৰা পূৱ সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক জি কে অৰুণ ঠায়ালনে ৷ লগতে উপস্থিত থাকে বিলাসীপাৰা মহকুমাধিপতি ,মহকুমা আৰক্ষী বিষয়া, শতাধিক স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু বিলাসীপাৰা ক্ৰীড়াৰ সন্থাৰ বিষয়ববীয়াসকল ৷

লগতে পঢ়ক :নিৰ্বাচনী আচৰণ বিধি ভংগ: সৰ্থেবাৰীত ৭৩,১০০ টকা জব্দ

ABOUT THE AUTHOR

...view details