অসম

assam

ETV Bharat / state

পূৱ বিলাসীপাৰাত মৰণফান্দ সদৃশ বাঁহৰ দলঙেৰে যাতায়াত ৰাইজৰ - বাঁহৰ দলং খন পকী কৰণ

পূৱ বিলাসীপাৰাৰ ধীৰেৰচৰ ২য় খণ্ড গাঁৱৰ এখন মৰণফান্দ সদৃশ বাঁহৰ দলং ৷ জৰাজীৰ্ণ বাঁহৰ দলংখনৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভূগিছে হাজাৰ হাজাৰ পথচাৰীয়ে ৷

মৰণফান্দ সদৃশ বাঁহৰ দলঙেৰে যাতায়াত ৰাইজৰ
মৰণফান্দ সদৃশ বাঁহৰ দলঙেৰে যাতায়াত ৰাইজৰ

By

Published : Jun 13, 2021, 6:31 AM IST

পূৱ বিলাসীপাৰা, 12 জুন : ব্ৰহ্মপুত্ৰ নদীৰ সূঁতি এটাৰ ওপৰত আছে এখন জৰাজীৰ্ণ বাঁহৰ দলং ৷ ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ ধীৰেৰচৰ ২য় খণ্ড গাঁৱৰ এখন মৰণফান্দ সদৃশ বাঁহৰ দলং ৷ জৰাজীৰ্ণ বাঁহৰ দলংখনে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগাইছে হাজাৰ হাজাৰ পথচাৰীক ৷ দলংখনেৰে নিতৌ স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় ত্ৰিশখন গাঁৱৰ হাজাৰ হাজাৰ লোকে যাতায়াত কৰে ৷

পূৱ বিলাসীপাৰাত মৰণফান্দ সদৃশ বাঁহৰ দলঙেৰে যাতায়াত ৰাইজৰ

উল্লেখ্য যে, ৰাইজে গাঁঠিৰ ধন ভাঙি সাময়িকভাৱে সাজি উলিওৱা এখন বাঁহেৰে নিৰ্মিত দলঙৰ ওপৰেৰে যাতায়াত কৰিছে ৰাইজে ৷ সম্প্ৰতি এই দলংখনে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৷ ফলত প্ৰায়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি ৰাইজে অভিযোগ তুলিছে ৷ ইয়াৰ পিছতো সদাব্যস্ত পথচোৱাৰ এই বাঁহৰ দলংখন পকীকৰণৰ বাবে কোনো এজন জনপ্ৰতিনিধিয়ে সদিচ্ছা প্ৰকাশ কৰা নাই ৷

পৰিণতিত দলংখনৰে যাতায়াত কৰা হাজাৰ হাজাৰ জনসাধাৰণে দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৷ সেয়ে অঞ্চলটোৰ একমাত্ৰ নিউ হাতীপোতাৰ পৰা পুঠিমাৰী সংলগ্ন পথটোত ব্ৰহ্মপুত্ৰৰ সূঁতিটোৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ বিধায়ক ছামছুল হুদাৰ লগতে চৰকাৰক ৰাইজে আবেদন জনাইছে ৷

লগতে পঢ়ক: যৌতুকৰ বাবে নিৰ্যাতনৰ বলি দুটি সন্তানৰ মাতৃ

ABOUT THE AUTHOR

...view details