অসম

assam

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 9:01 PM IST

ETV Bharat / state

মৰেল পুলিচ: গছৰ ডালেৰে দুই যুৱকক নিৰ্মম প্ৰহাৰ

Moral Policing Incident: মৰেল পুলিচৰ নামত দুজনকৈ যুৱকক ওপৰত দিন দুপৰতেই ৰাজহুৱা স্থানত আক্ৰমণ ৷ গছৰ ডালেৰে অতি নিৰ্মমভাবে প্ৰহাৰ দুই যুৱকক ৷

Moral Policing Incident
মৰেল পুলিচিঙৰ এক ভয়ংকৰ ঘটনা

ধুবুৰীত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা

ধুবুৰী, 31 ডিচেম্বৰ : ধুবুৰীত মৰেল পুলিচিঙৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ দুজনকৈ যুৱকৰ ওপৰত দিনৰ পোহৰতেই ৰাজহুৱা স্থানত এদল যুৱকে চলাইছে মৰেল পুলিচগিৰী ৷ গছৰ ডালেৰে অতি নিৰ্মমভাবে প্ৰহাৰ কৰি গৈছে যুৱক দুজনক ৷ তাৰ মাজতে একাংশ লোকে নীৰৱ দৰ্শক হৈ চাই ৰ’ল সমগ্ৰ ঘটনা ৷ ঘটনাটো ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সাহেবগঞ্জ বজাৰৰ কাষত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ 29 ডিচেম্বৰত সংঘটিত হয় এই ঘটনা ৷

জানিব পৰা মতে, ৰূপচী দাউভাঙি অঞ্চলৰ ছাহজাহান আলী, ছামিনুৰ শ্বেখ সম্পৰ্কীয় দুই ভাতৃয়ে 29 ডিচেম্বৰত এখন মটৰ চাইকেল কিনিবলৈ ঘৰৰ পৰা ওলাই যায় ৷ তেওঁলোকৰৰ ভগ্নীৰ বিয়াত উপহাৰ হিচাপে মটৰ চাইকেলখন কিনিবলৈ যোৱাৰ সময়তে সাহেবগঞ্জ বজাৰৰ কাষতেই এদল যুৱকে গছৰ ডালেৰে প্ৰহাৰ কৰে যুৱক দুজনক ৷ ওচৰৰ একাংশ লোকে যুৱকদ্বয়ক উদ্ধাৰ কৰাৰ পৰিবৰ্তে নীৰৱ দৰ্শকৰ ভূমিকা লোৱা দেখা গ’ল ৷ যদিও একাংশই এই সমগ্ৰ ঘটনা বন্দী কৰিলে ম’বাইলৰ কেমেৰাত ৷

ইফালে ভুক্তভোগীৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি যুৱক দুজনক বেয়াকৈ মাৰপিট কৰাৰ লগতে তেওঁলোকৰ হাতত থকা ডেৰ লাখ টকাৰ নগদ ধন সহ দুটাকৈ ম’বাইল ফোন আক্ৰমণকাৰী যুৱকৰ দলটোৱে লৈ যায় ৷ ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি স্থানীয় দাউভাঙি আৰক্ষী চকীত এজাহাৰ দিবলৈ যায় যদিও আৰক্ষীয়ে কেৱল আহতদ্বয়ৰ স্বাস্থ্য পৰীক্ষা কৰাই এজাহাৰ গ্ৰহণ নকৰাকৈ ঘটনাৰ মীমাংসা কৰিবলৈ পৰামৰ্শ দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

পৰৱৰ্তী সময়ত গৌৰীপুৰ আৰক্ষী থানাত যোগাযোগ কৰাৰ পিছতহে এজাহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয় দাউভাঙি আৰক্ষীয়ে ৷ কিন্তু এজাহাৰ গ্ৰহণ কৰিলেও এতিয়ালৈকে ঘটনাৰ কোনো তদন্ত নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ আৰক্ষীৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ লৈ আক্ৰমণকাৰী দলটোৱে ভুক্তভোগী পৰিয়ালটোক চৰম ভাবুকি প্ৰদান কৰি অহাৰ ফলত পৰিয়ালটো আতংকিত হৈ পৰাৰো অভিযোগ উঠিছে ৷ ইফালে 29 ডিচেম্বৰৰ দুপৰীয়া এই ঘটনা সংঘটিত হোৱাৰ পিছত, 30 ডিচেম্বৰ শনিবাৰে আহত দুই ভাতৃৰ ভিতৰত ছাহজাহান আলীৰ অৱস্থা সংকটজনক হৈ পৰাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷ কিন্তু ইয়াৰ পিছতো আৰক্ষীৰ কোনো সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰি জিলা আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰীক ন্যায় বিচাৰি আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ৷

লগতে পঢ়ক :পুত্ৰৰ অত্যাচাৰত দিকবিদিক হেৰুৱাইছে বৃদ্ধা মাতৃয়ে

ABOUT THE AUTHOR

...view details