অসম

assam

By

Published : Jul 29, 2019, 7:11 PM IST

ETV Bharat / state

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ

বিলাসীপাৰাৰ সীমান্তৱৰ্তী বগৰীবাৰীত আৰক্ষীৰ অভিযান ৷ অভিযানত দুখন কৈ অবৈধ ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক দুখনৰ চালকক ৷ কিন্তু সোমবাৰে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিবলৈ দিয়াত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ

বিলাসীপাৰা, 29 জুলাইঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীত দেওবাৰে নিশা বগৰীবাৰী আৰক্ষীয়ে দুখন কৈ অবৈধ ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক দুখনৰ চালকক | ট্ৰাক দুখনৰ নম্বৰ NL- 01L-3090 আৰু JK-02BL-9825 ৷ পশ্চিম বংগৰ ডালখোলাৰ পৰা ইউৰিয়া সাৰ লৈ শিলচৰলৈ গৈ আছিল ট্ৰাক কেইখন ৷

বগৰীবাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ স্থানীয় ৰাইজ

তেনে সময়ত বগৰীবাৰী আৰক্ষীয়ে জব্দ কৰে ট্ৰাক কেইখন | কিন্তু সোমবাৰে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ট্ৰাক দুখনৰ লগতে ইউৰিয়া সাৰৰ নথি পত্ৰ সমূহ বৈধ বুলি জানিবলৈ দিয়াত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় লোকসকল | ইউৰিয়া সাৰৰ গৰাকীৰ লগত গোপন মিতিৰালী কৰি অবৈধ সাৰখিনি বৈধ কৰাৰ সন্দেহ কৰিছে একাংশ লোকে ৷ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক এই ঘটনাৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে |

ABOUT THE AUTHOR

...view details