অসম

assam

ETV Bharat / state

ধুবুৰী দখলৰ বাবে যুঁজিব তৃণমূল কংগ্ৰেছে - তৃণমূল কংগ্ৰেছ

চাৰি নং ধুবুৰী লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীক ৷

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান

By

Published : Mar 21, 2019, 12:05 PM IST

ধুবুৰী, ২১ মাৰ্চ :লোকসভা নিৰ্বাচন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে তৎপৰতা । চাৰি নং ধুবুৰী লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছেজ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীয়ে ।

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান
তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী এন আই চৌধুৰী অৰ্থাৎ নুৰল ইছলাম চৌধুৰীয়ে ইতিমধ্যে সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে ।ইপিনে অসমৰ ছয়টা সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰি এইবেলি কমেও তিনি-চাৰিখনআসন দখল কৰিব বুলি আশা প্ৰকাশ কৰে ধুবুৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি সহিদূৰ ৰহমানে । আনহাতে দলটোৰ প্ৰাৰ্থী চৌধুৰীয়ে জয়লাভৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে পূৰ্বৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁৰ কাৰ্যকালত সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই বুলি কৈ আজমলৰহে উন্নয়ন হৈছে বুলি উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details