অসম

assam

ETV Bharat / state

ধুবুৰীত বাঘৰ আতংক - ই টি ভি ভাৰত

স্থানীয় ৰাইজে বাঘ বুলি দাবী জনালেও অন্য বনৰীয়া জন্তু বুলিহে মন্তব্য কৰিছে বন বিভাগে ৷ বন বিভাগে পোৱালিটো নিজৰ জিম্মাত লৈ গুৱাহাটী লৈ প্ৰেৰণ কৰাৰ পাচতহে প্ৰকৃত পৰিচয় প্ৰকাশ পাব বুলি মন্তব্য কৰে ৷

ধুবুৰীত বাঘৰ আতংক

By

Published : May 2, 2019, 3:19 PM IST


ধুবুৰী, 02 মে' : ধুবুৰীৰ গৌৰীপুৰৰ দক্ষিণ গেৰামাৰীত বাঘ জাতীয় পোৱালি উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে আতংকৰ । আনহাতে অন্য বনৰীয়া জন্তু বুলিহে মন্তব্য কৰিছে বন বিভাগে ৷

ধুবুৰীত বাঘৰ আতংক

লগতে পঢ়ক : ফেনীৰ প্ৰভাৱ : উত্তৰ পূব সীমান্ত ৰে'লে বাতিল কৰিলে দুখনকৈ ৰে'ল


গাঁওবাসীয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে দিনৰ ভাগত স্থানীয় ৰাইজে ধাননি পথাৰৰ আলিৰ মাজত এটা বাঘ বহি থকা প্ৰত্যক্ষ কৰে । তাৰ পাচৰে পৰা আতংকত ভুগিছে গাঁওবাসীয়ে ৷ বাঘটো পলায় যায় যদিও সেই স্থানৰে পৰা এজন যুৱকে উদ্ধাৰ কৰে পোৱালিটো ৷ খবৰ লাভ কৰি গৌৰীপুৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পোৱালিটো প্ৰকৃততে বাঘৰ পোৱালি নহয় বুলি উল্লেখ কৰি অন্য বনৰীয়া জন্তু বুলি দাবী কৰে। বন বিভাগে পোৱালিটো নিজৰ জিম্মাত লৈ গুৱাহাটী লৈ প্ৰেৰণ কৰাৰ পাচতহে প্ৰকৃত পৰিচয় প্ৰকাশ পাব বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details