অসম

assam

ETV Bharat / state

Dhubri Gang attack: ধুবুৰীত বিদ্যুৎ চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী; তিনিজনক আটক - ধুবুৰীৰ গৌৰীপুৰ

ধুবুৰীৰ গৌৰীপুৰত চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যুৎ চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ তিনি কৰ্মচাৰী ৷ চুৰি বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ যোৱাৰ বাবে সংঘটিত হয় এই ঘটনা ৷

Dhubri Gang attack
Dhubri Gang attack

By

Published : Aug 4, 2023, 9:17 PM IST

ধুবুৰীত বিদ্যুৎ চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

ধুবুৰী, 4 আগষ্ট:ধুবুৰীৰ গৌৰীপুৰৰ দুমৰদহ গাঁৱত ভয়ংকৰ ঘটনা ৷ গৌৰীপুৰ শক্তি বিভাগৰ বিষয়া-কৰ্মচাৰীক দলবদ্ধভাৱে আক্ৰমণ একাংশ উন্মত্ত লোকৰ ৷ চুৰি বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ যোৱাৰ বাবেই বিদ্যুৎ চোৰে শক্তি বিভাগৰ বিষয়া-কৰ্মচাৰীক মাৰধৰ কৰি হত্যাৰ চেষ্টা চলায় ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিগৰাকী বিষয়া-কৰ্মচাৰী ৷

আটকাধীন দুই অভিযুক্ত

অভিযোগ অনুসৰি দুমৰদহ দ্বিতীয় খণ্ড গাঁৱৰ বহু পৰিয়ালে বিদ্যুৎ চুৰি কৰি অবৈধভাৱে নিজৰ ঘৰত বিজুলী সংযোগ কৰাৰ লগতে বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰি খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি আহিছে ৷ এই খবৰ লাভ কৰাৰ পাচতেই বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত গৌৰীপুৰ বিদ্যুৎ সংমণ্ডলৰ SDO মঞ্জুৰুল হকৰ লগতে মফিদুল হক আৰু ৰফিকুল হক নামৰ দুই কৰ্মচাৰীয়ে গাঁৱখনত উপস্থিত হৈ অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি ৰখা পাঁচটাকৈ বৈদ্যুতিক মটৰ জব্দ কৰে ৷

ঘৰে ঘৰে অভিযান চলোৱাৰ সময়তে উক্ত অঞ্চলৰে আশ্ৰাফ আলী, মজিদুৰ শেখ, আফিজুৰ ৰহমান, হাফিজুৰ আৰু নুলু নামৰ একাংশ লোককে ধৰি প্ৰায় 20 জনীয়া বৃহৎ দল এটাই আক্ৰমণ আৰম্ভ কৰে SDO আৰু দুই কৰ্মচাৰীৰ ওপৰত ৷ কেৱল পুৰুষেই নহয়, একাংশ মহিলাইয়ো বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কেইজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

পৰিস্থিতি অধিক উত্তেজিত হৈ পৰাৰ সময়তে গাঁৱখনৰ একাংশ সচেতন লোকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে বিষয়া-কৰ্মচাৰী তিনিজন ৷ ইয়াৰ পিচতেই গৌৰীপুৰৰ বালাজান আৰক্ষী চকীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হয় যদিও কোনো লোকক আটক অথবা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহয় ৷

আনহাতে গুৰুতৰভালে আহত তিনি বিষয়া-কৰ্মচাৰীক তাৎক্ষণিকভাৱে গৌৰীপুৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তিনিওকে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

বৰ্তমান SDO মঞ্জুৰুল হকক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ (GMCH) প্ৰেৰণ কৰা হৈছে ৷ আনহাতে মফিদুল হক আৰু ৰফিকুল হক ধুবুৰী চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাধীন হৈ আছে ৷ কিন্তু মফিদুল হকৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে ৷

ইফালে ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 304/23 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ৰাছিদুল ইছলাম, মোস্তাকিন ৰহমান আৰু মইনুল হকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ অৱশ্যে ঘটনাৰ মূল অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

আনহাতে, আক্ৰমণকাৰী দলটোক গ্ৰেপ্তাৰৰ দাবীত গৌৰীপুৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ 24 ঘণ্টাৰ ভিতৰত সকলো অভিযোগ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক:Fake Facebook account : বিধায়ক দিগন্ত বৰ্মনৰ নামত ভুৱা ফেচবুক একাউণ্ট

ABOUT THE AUTHOR

...view details