ধুবুৰী, ৯ জুনঃ সন্দেহজনক কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে হাটশিঙিমাৰীত । প্ৰায় ১৫ দিনৰ পূৰ্বে লোকজন আহিছিল দিল্লীৰ পৰা । বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিগৰাকীৰ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। মঙলবাৰে নিশা অসুস্থ হোৱাৰ পাচত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ আইচ'লেশ্যনত ভৰ্তি কৰোৱা হৈছিল লোকজনক । লোকগৰাকীৰ নাম ওছমান আলী বুলি জানিব পৰা গৈছে ।
হাটশিঙিমাৰীত সন্দেহজনক কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ চাঞ্চল্য - কৰ'ণা আক্ৰান্ত ৰোগী
বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইন হৈ থকা এগৰাকী ব্যাক্তিৰ মঙলবাৰে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয়।
suspected covid-19 positive patient died in hatsingimari
কৰ'ণা ভাইৰাছ পৰীক্ষাৰ বাবে ইতিমধ্যে লোকজনৰ তেজৰ নমুনা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে যদিও বৰ্তমানলৈ আহি পোৱা নাই ফলাফল । লোকজনৰ সংস্পৰ্শত অহা দুগৰাকীকৈ চিকিৎসা কৰ্মীও অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে । চিকিৎসা কৰ্মী দুজনৰ নাম ক্ৰমে জয় প্ৰকাশ আৰু ছুৰত আলী ।
লগতে চাওকঃ উচ্চ শিক্ষাৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিব নেকি স্নেহা চক্ৰৱৰ্তীৰ বাবে !