অসম

assam

By

Published : Dec 2, 2019, 9:03 PM IST

ETV Bharat / state

ৰাজ্যজুৰি উদযাপন "অসম দিৱস"

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আমগুৰি, বিলাসীপাৰা, টিংখাং আৰু গোলাঘাটতো উদযাপন চ্যুকাফা দিৱস তথা অসম দিৱস ৷

অসম দিৱস
ৰাজ্যজুৰি উদযাপন "অসম দিৱস"

আমগুৰি 2 নৱেম্বৰঃ সোমবাৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আমগুৰিৰ চামগুৰিতো চামগুৰি আঞ্চলিক ফ্ৰা-লং সংঘ আটাছু লালিমছিগা আঞ্চলিক আৰু টাইপা আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত চ্যুকাফা দিৱস উদযাপন কৰে ৷

চ্যুকাফা দিৱসৰ উদযাপন স্থলীৰ পৰাই টাইপাৰ সদস্যসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে দাবী উত্থাপন কৰে ৷

আমগুৰিত "অসম দিৱস"

বিলাসীপাৰা, 2 নৱেম্বৰঃ বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত উদযাপন "অসম দিৱস" । বিলাসীপাৰা আৰু চাপৰ শালকোচা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শিক্ষক-শিক্ষয়িত্ৰীৰ যৌথ উদ্যোগত আয়োজিত হয় অসম দিৱস ।

বিলাসীপাৰাত অসম দিৱ

টিংখাং, 2 নৱেম্বৰঃ অসমীয়া জাতিৰ জনক, বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফা দিৱস তথা 'অসম দিৱস' বৰ্ণাধ্য কাৰ্যসূচীৰে টিংখাঙত উদযাপন কৰা হয় । সদৌ তাই আহোম ছাত্ৰ সন্থা মৰাণ মহকুমা সমিতিৰ উদ্যোগত আৰু ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷

টিংখাঙত অসম দিৱস

গোলাঘাট, 2 নৱেম্বৰঃ গোলাঘাটতো উদযাপন চ্যুকাফা দিৱস ৷ গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত চ্যুকাফা ক্ষেত্ৰৰ চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰি চ্যুকাফা দিৱস উদযাপন কৰে জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে জনগোষ্ঠীয় লোকসকলে । দিনযোৰা কাৰ্যসূচীৰে পালন কৰা অনুষ্ঠানত গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক পদ্মেশ্বৰ গগৈক চ্যুকাফা বঁটা প্ৰদান কৰে উদ্যক্তাসকলে ৷

গোলাঘাটত "অসম দিৱস"

আৰু পঢ়কঃ সংসদত উত্থাপন হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড

ABOUT THE AUTHOR

...view details