অসম

assam

ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

দীৰ্ঘ দিনৰে পৰা চলি অহা গৰুৰ চোৰাং কাৰবাৰ আৰু চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ছিণ্ডিকেট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ।

ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

By

Published : Jun 18, 2019, 1:08 PM IST

ধুবুৰী , ১৮ জুন :মুখ্যমন্ত্ৰীৰ সকিয়ানীৰ পাচতো চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ধুবুৰী আৰক্ষী । ধুবুৰীৰ ভাৰত বাংলা সীমান্তইদি গৰুৰ চোৰাং সৰবৰাহৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠাৰ তথ্য পোহৰলৈ অহাৰ পাচতে , মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ছিণ্ডিকেট বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে । সেই নিৰ্দেশ মৰ্মে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই ১৫ টা চোৰাং গৰু জব্দ কৰে ।

ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

মঙলবাৰে নিশা কোকৰাঝাৰ আৰু ধুবুৰী আৰক্ষীয়ে ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানত অভিযুক্ত গৰুৰ চোৰাং বেপাৰী আদম , এ কে মণ্ডল, জাহাঙ্গীৰ আলম আৰু চাইফুল ইছলামক গ্ৰেপ্তাৰৰ বাবে এক যুটীয়া অভিযান চলায় । কিন্তু আৰক্ষীয়ে এই চাৰি অভিযুক্তক আটক কৰিবলৈ সক্ষম নহয় । এই চাৰি অভিযুক্তৰ বিৰুদ্ধে কচুৱা থানাত এক গোচৰ ৰুজু কৰা হৈছিল । ইপিনে ধুবুৰী আৰক্ষীৰ আন এটা দলে নিশা গৌৰীপুৰ অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই ১৫টা চোৰাং গৰু জব্দ কৰে । উল্লেখ্য যে , পশ্চিম বংগৰ পৰা এখন বিশেষ ভেনত গৰু কেইটা ৰচীৰে বান্ধি লৈ ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানলৈ কঢ়িয়াই নিয়া হয় । গৰু কেইটা কঢ়িয়াই নিয়া সময়তে আৰক্ষীয়ে গৰু কেইটা জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে । ধৃত যুৱকদ্বয়ৰ নাম ৰাজু মিঞা আৰু ইনামূল হুছেইন । দুয়োকে গৌৰীপুৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে ।

ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

ABOUT THE AUTHOR

...view details